Local, Vocal, Global

Watch | The educational institution Bilasipara Science Academy has shown amazing results this time: বিলাসীপাৰা চাইঞ্চ একাডেমী নামৰ শিক্ষা প্ৰতিষ্ঠানে এইবাৰ দেখুৱাইছে চমকপ্ৰদ ফলাফল

বিলাসীপাৰা : বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনা কৃতি শিক্ষাৰ্থীক জনোৱা হ‘ল উষ্ম সম্বোৰ্ধনা। একাডেমীৰ অধ্যক্ষ পয়োধৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত মণোজ্ঞ সভাত জনোৱা হয় এই সম্বোৰ্ধনা। একাডেমীখনৰ পৰা উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত এশ শতাংশ পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে।
ভূগোল বিষয়ত বিদ্যালয়খনৰ পৰা ৪০ জন পৰীক্ষাৰ্থী লেটাৰ নম্বৰ পাই উত্তীৰ্ণ হৈছে। বিদ্যালয়খনৰ এই সফলতাত স্থানীয় বিধায়ক ছামছুল হুদাৰ লগতে অবিভাবক-অবিভাবিকা, শিক্ষক -শিক্ষয়ত্ৰী,ছাত্ৰ-ছাত্ৰী সকল উৎফুল্লিতহৈ পৰিছে। সম্বোৰ্ধনা সভাত কৃতি ছাত্ৰ-ছাত্ৰী সকলক ফুলাম গামোছা,জাপি,কলমৰে উষ্ম সম্বোৰ্ধনা জনোৱা হয়।