Maharashtra Bus Accident : মহাৰাষ্ট্ৰত ভয়ংকৰ বাছ দুৰ্ঘটনা; আহত ১৯গৰাকীকৈ যাত্ৰী ,নিহত এজন
নেশ্যনেল ডেস্ক, ১২জুলাই : মহাৰাষ্ট্ৰত শোকাৱহ দুৰ্ঘটনা(Maharashtra Bus Accident) । বুধবাৰে মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ সপ্তশ্ৰুঙ্গী গড়ত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো (Maharashtra State Road Transport Bus Tumbles Into Gorge Near Saptashringi Hills)। এখন যাত্ৰীবাহী বাছ মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ সপ্তশ্ৰুঙ্গী গড়ৰ পৰা ৪০০ ফুট গভীৰ দ’ খাৱৈত বাগৰি পৰে ফলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ।
এই ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত ১৯গৰাকীকৈ যাত্ৰী গুৰুতৰভাৱে আহত হোৱাৰ লগতে নিহত হয় এজন(1 killed 19 injured )। খবৰ অনুসৰি নিহত গৰাকী মহিলা আছিল( 1 killed 19 injured as bus plunges into ravine in Nashik)।
প্ৰাপ্ত তথ্য অনুসৰি ,দুৰ্ঘটনাগ্ৰস্ত বাছখনত ২০ ৰ পৰা ২৫ জন যাত্ৰী আছিল । দুৰ্ঘটনাগ্ৰস্ত বাছখন সপ্তশ্ৰুঙ্গি গড়ৰ পৰা খামগাওঁ অভিমুখে গৈ আছিল আৰু সেইসময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় (freak road accident in Maharastra)।
জানিব পৰা মতে, আৰক্ষীয়ে এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা উদ্ধাৰ অভিযান আৰম্ভ কৰে। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা আহত যাত্ৰীসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ স্থানীয় চিকিৎসাললৈ প্ৰেৰণ কৰা হয় ।
ইফালে এই ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে নাছিকৰ অভিভাৱক মন্ত্ৰী দাদা ভূছে দুৰ্ঘটনাস্থলী ঠাই পৰিদৰ্শন কৰে । অভিভাৱক মন্ত্ৰী দাদা ভুছেয়ে আহতসকলক উন্নত চিকিৎসা প্ৰদান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে।
ইফালে মহাৰাষ্ট্ৰত মঙলবাৰে পুৱতি নিশা সংঘটি হৈছিল আন এটা দুৰ্ঘটনা (freak road accident in Maharastra)। মহাৰাষ্ট্ৰ ছত্ৰপতি সম্ভাজী জিলাৰ ফুলুমব্ৰী আৰক্ষী থানা এলেকাৰ এক্সপ্ৰেছৱেত এখন ট্ৰাক আৰু ট্ৰেভেলছ বাছৰ মাজত সংঘটিত হৈছিল সংঘৰ্ষ ফলত দুৰ্ঘটনাটোত ফলত প্ৰায় ১৮ জন যাত্ৰী আহত হয় ৷
আৰক্ষী সূত্ৰে জানিব পৰা মতে, বুধবাৰে পুৱা এম এইচ ২১ বিএইচ ৩৫১৬ নম্বৰৰ এখন ট্ৰাকে দ্বিতীয় লেনত জালনাৰ পৰা চুৰাটলৈ যাত্ৰা কৰি থকা সময়তে নাগপুৰৰ পৰা পুনেলৈ যাত্ৰা কৰা এম এইচ ৩৮ এক্স ৮০২৭ নম্বৰৰ বিলাসী বাছখনত খুন্দা মাৰে । ফলত যাত্ৰীবাহী বাছখনত থকা ১৮ জন যাত্ৰী আহত হয় । আহত যাত্ৰীসকলক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।
জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত বাহন খনত দুজন চালক আৰু ৩০ জন যাত্ৰী আছিল।ইয়াৰে ১০জন যাত্ৰী গুৰুতৰভাৱে আহত হয় আৰু সামান্য আঘাতপ্ৰাপ্ত হয় ৮জন যাত্ৰী।
লগতে পঢ়ক : Massive landslide in Uttarakhand : ৰাষ্ট্ৰীয় ঘাইপথত ধ্বংসাৱশেষ পৰি ৪ জন লোক নিহত , ১০ জন আহত