Massive landslide in Uttarakhand : ৰাষ্ট্ৰীয় ঘাইপথত ধ্বংসাৱশেষ পৰি ৪ জন লোক নিহত , ১০ জন আহত
নেশ্যনেল ডেস্ক, ১১ জুলাই : আজি পুনৰ উত্তৰাখণ্ডৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ ভূমিস্খলন (Massive landslide in Uttarakhand) । মঙলবাৰে উত্তৰাখণ্ডৰ গংগনানীৰ সমীপৰ গংগোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথত ধ্বংসাৱশেষ পৰি চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে ১০জন লোক গুৰুতৰভাৱে আহত হয় (Massive landslide in Uttarakhand)।
আৰক্ষীয়ে জনোৱা অনুসৰি , সৰি পৰা ধ্বংসাৱশেষৰ বাবে চাৰিজন লোকৰ মৃত্যু হৈছে । আহত দহজন যাত্ৰীক তাৎক্ষণিক চিকিৎসাৰ বাবে চি এছ চি ভাটৱাদীত ভৰ্তি কৰা হৈছে। আৰক্ষীয়ে এই স্থানত এছ ডি এম ভটৱাদী আৰু দুৰ্যোগ ব্যৱস্থাপনা দলৰ উপস্থিতিৰ কথাও উল্লেখ কৰে (SDM Bhatwadi) ।
বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত আছে বুলি কৰ্তৃপক্ষই নিশ্চিত কৰিছে । ইফালে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অঞ্চলটোত হৈ থকা প্ৰচণ্ড বৰষুণৰ বাবে সতৰ্কবাণী দিয়াৰ পিছতে ৰাজ্য প্ৰশাসনৰ সজাগতা বৃদ্ধি পোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে (India Meteorological Department)।
মুখ্যমন্ত্ৰী ধামীয়ে ৰাজ্যখনত গ্ৰহণ কৰা সতৰ্কতামূলক ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰি কয় যে, “প্ৰতিটো বাৰিষাত আমি এই অঞ্চলত প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হওঁ। অত্যধিক বৰষুণৰ ফলত ভূমিস্খলন হয়, আৰু নদীসমূহৰ পানীৰ স্তৰ বৃদ্ধি পায়। আমি উচ্চ সজাগতাৰ অৱস্থাত আছো, সহ… জিলা প্ৰশাসনৰ বিষয়া আৰু আমাৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্মীসকলে অধ্যৱসায়ীভাৱে নিজৰ দায়িত্ব পালন কৰি আছে। তেওঁলোকক যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে সহায় আগবঢ়াবলৈ জনসাধাৰণৰ সৈতে যোগাযোগ কৰা হৈছে ।”
ৰাজ্যজুৰি চলি থকা ধাৰাবাহিক প্ৰচণ্ড বৰষুণৰ মাজতে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ডেৰাডুনৰ সচিবালয়ৰ দুৰ্যোগ নিয়ন্ত্ৰণ কক্ষত অঘোষিত পৰিদৰ্শন কৰি সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লয় । উল্লেখযোগ্য যে প্ৰচণ্ড বৰষুণৰ বাবে বতৰ বিজ্ঞান বিভাগে উত্তৰাখণ্ডৰ অধিকাংশ জিলাৰ বাবে মঙলবাৰ আৰু বুধবাৰে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে ৪ জুলাই মঙলবাৰে বিয়লি নাগালেণ্ডৰ ডিমাপুৰৰ চুমৌকেডিমাত সংঘটিত হৈছিল ভূমিস্খলনৰ ঘটনা (Massive landslide in Nagaland)। ফলত প্ৰকাণ্ড শিল বাগৰি পৰি দুজনৰ মৃত্যু হোৱাৰ লগতে তিনিজন লোক গুৰুতৰভাৱে আহত হৈছিল ।
ডিমাপুৰৰ আৰক্ষী আয়ুক্ত কেভিথুটো ছফী (Kevithuto Sophie Commissioner of Police Dimapur) য়ে সংবাদ মাধ্যমক জনাোৱা অনুসৰি ৪ জুলাই মঙলবাৰে বিয়লি প্ৰায় ৫:৩০ বজাৰ ভিতৰত ডিমাপুৰৰ পুৰণি চুমৌকেডিমা আৰক্ষীৰ চেক গেটৰ সমীপত সংঘটিত হৈছিল এই শোকাৱহ ঘটনাটো । এই ভয়াৱহ ভূমিস্খলনৰ লগতে পাহাৰৰ পৰা শিল বাগৰি অহাৰ ফলত চাৰিখনকৈ বাহনৰ ক্ষতিসাধন হয় । ইয়াৰে বাহনৰ ভিতৰত আবদ্ধ এজন লোক ঘটনাস্থলীতে নিহত হয় । গুৰুতৰভাৱে আহত বাকী ৩ জন লোকক ডিমাপুৰৰ ৰেফাৰেল হস্পিতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ত আৰু এজন লোকৰ মৃত্যু হয়।
ভূমিস্খলনৰ ফলত বন্ধ হৈ যোৱা পথটোত অসংখ্য যান-বাহন আবদ্ধ হৈ পৰিছিল ।