Local, Vocal, Global

সৰুসজাই ষ্টেডিয়ামৰ বিহু অনুষ্ঠানৰ Entry Pass সম্পূৰ্ণ বিনামূলীয়া;চৰকাৰৰ বদনাম কৰাৰ প্ৰচেষ্টা চলাইছে দুষ্ট চক্ৰই : পীযুষ হাজৰিকা

ডিজিটেল ডেস্ক:- বিশ্ব দৰবাৰত বিহুনাচক প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে সাজু হৈছে অসম চৰকাৰ ।আজিৰে পৰা সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ১১ হাজাৰৰো অধিক ঢুলীয়া – নাচনীৰ বৰ আখৰা।১৪ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া বিশ্ব অভিলেখ গঢ়াৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে অসম চৰকাৰে।কিন্তু ইয়াৰ মাজতে একাংশ দুষ্ট চক্ৰই অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে।টিকট বিক্ৰী কৰা হ’ব বুলি একাংশই অপপ্ৰচাৰ চলাইছে।এই অপপ্ৰচাৰ বাবে সামজিক মাধ্যমযোগে মন্ত্ৰী পীযুষ হাজৰিকাই অপপ্ৰচাৰ চলোৱা দুষ্ট চক্ৰক সকীয়নি প্ৰদান দিয়ে।

সামজিক মাধ্যমত মন্ত্ৰী পীযুষ হাজৰিকাই কয়, ”সৰুসজাই ষ্টেডিয়ামত আয়োজিত সু বিশাল বিহু অনুষ্ঠানৰ টিকট শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিক্ৰী হ’ব বুলি এক দুষ্ট চক্ৰই অপপ্ৰচাৰ কৰি চৰকাৰক বদনাম কৰাৰ প্ৰচেষ্টা চলাইছে।সমূহ ৰাইজৰ জ্ঞাতাৰ্থে জনাওঁ যে কলাক্ষেত্ৰত এই বিহু অনুষ্ঠানৰ এই বিহু অনুষ্ঠানৰ বিনামূলীয়া Entry pass হে প্ৰদান কৰা হৈছে।এই Entry pass সমূহৰ বিপৰীতে কোনো ধৰণৰ মূল্য লোৱা নহয়।এনে ধৰণৰ ভুৱা বাতৰি প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ এই দুষ্ট চক্ৰক সকীয়াই দিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত থাকিব সৰুসজাই ষ্টেডিয়ামত।১১ হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয়ে প্ৰদৰ্শন কৰিব বিহুনাচ।মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰি অৱগত কৰে এই সম্পৰ্কে।১১ এপ্ৰিলৰ পৰা ১৩ এপ্ৰিললৈ কলাক্ষেত্ৰত বিনামূলীয়া প্ৰৱেশ পত্ৰ দিয়া হ’ব।আজিৰে পৰা ১৩ এপ্ৰিললৈ ৪.৩০ বজাৰ পৰা ৬.৩০ বজালৈ সৰুসজাই ষ্টেডিয়ামত কোনো ধৰণৰ প্ৰৱেশ পত্ৰ নোহোৱাকৈ আখৰা উপভোগ কৰিব পাৰিব।