Local, Vocal, Global

প্ৰতিবাদত উত্তাল সমগ্ৰ পাঞ্জাৱ, কৰ্তন কৰা হৈছে ইন্টাৰনেট, এচ এম এচ সেৱা…

ডিজিটেল ডেস্ক:- খালীস্তানী সংগঠন ”ৱাৰিছ পঞ্জাৱ ডে”ৰ মুৰব্বী অমৃতপাল সিঙ পলাতক।শনিবাৰে নিশা জলন্ধৰৰ কুলদ্বীপ সিং চাহালে এই কথা নিশ্চিত কৰে যে ”ৱাৰিছ পঞ্জাৱ ডেৰ মুৰব্বী অমৃতপাল সিঙ পলাতক অৱস্থাত আছে।তেওঁৰ দুখন গাড়ী জব্দ কৰা হৈছে আৰু বন্দুকধাৰীক আটক কৰা হৈছে।এতিয়া প্ৰতিবাদত উত্তাল সমগ্ৰ পাঞ্জাৱ, কৰ্তন কৰা হৈছে ইন্টাৰনেট, এচ এম এচ সেৱা । যাতে কোনো কাৰণতেই সংযোগ স্থাপন কৰিব নোৱাৰে প্ৰতিবাদী তথা খালিস্তানৰ সমৰ্থকসকলে ।
অমৃতপাল সিঙক ১৮ মাৰ্চত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি বাতৰি আহিছিল কিন্তু পৰৱৰ্তী সময়ত পাঞ্জাৱ আৰক্ষীয়ে এই সন্দৰ্ভত দিয়া নতুন তথ্য অনুসৰি সেয়া অমৃতপাল সিং নহয় বৰং তেখেতৰ সহযোগী আৰু গাণিনিক পৰামৰ্শদাতা হে আছিল।প্ৰায় ১০০ খনতকৈও অধিক বাহনেৰে বহু সময় ধৰি ৱাৰিছ দে পাঞ্জাৱৰ এটি দলক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু সেই দলটোত অমৃতপাল সিং থকা বুলি দাবী কৰিছিল যদিও পিছত সলনি হয় সেই ভাষ্য ।পঞ্জাৱ আৰক্ষীয়ে অমৃতপল সিঙৰ বাবে মেনহান্ট আৰম্ভ কৰিছে । আমি আশাবাদী যে,তেওঁক অতি সোমকালে গ্ৰেপ্তাৰ কৰা হ’ব।এই পৰ্যন্ত মুঠ ৭৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু অধিক তালাচী অভিযান অব্যাহত ৰাখিছে।