Local, Vocal, Global

Former TMC Assam President Ripun Bora Rejoins Congress :পুনৰ কংগ্ৰেছত যোগদান কৰিলে ৰিপুণ বৰাই

নিউজ ডেস্ক,৮ছেপ্তেম্বৰ : পুনৰ কংগ্ৰেছত যোগদান কৰিলে ৰিপুণ বৰাই। আজি চৰাইদেউত অনুষ্ঠিত কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহকৰ পূৰ্বে যোগদান কৰে ৰিপুণ বৰাই।

উল্লেখ্য যে ২০২২ চনৰ ১৭ এপ্ৰিলত কংগ্ৰেছ ত্যাগ কৰিছিল দলটোৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰাই । দলৰ পৰা পদত্যাগৰ কথা উল্লেখ কৰি কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছিল ৰিপুণ বৰাই । ১৯৭৬ চনৰ পৰা কংগ্ৰেছৰ লগত জড়িত থকা ৰিপুণ বৰাই ৰাজ্যসভা নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হোৱাৰ পিচতে দল ত্যাগৰ সিদ্ধান্ত লৈছিল । সেই সময়ত ৰিপুণ বৰাই বিজেপিৰ বহু নেতাৰ লগত কংগ্ৰেছৰ বহু নেতাৰ হলি-গলি থকা বুলি অভিযোগ কৰিছিল । ছোনিয়া গান্ধীলৈ দিয়া পত্ৰত ৰিপুণ বৰাই বহু অভিযোগ উত্থাপন কৰিছিল ।

ৰাজ্যসভা নিৰ্বাচনত জিকিব পৰাকৈ পৰ্যাপ্ত বিধায়ক লগত থকাৰ পিচতো পৰাজিত হ’বলগীয়া হৈছিল ৰিপুণ বৰা । নিজৰ কংগ্ৰেছ দলৰ লগতে সেই সময়ত মিত্ৰতা থকা এ আই ইউ ডি এফে দলেও ৰাজ্যসভা নিৰ্বাচনত তেওঁক বিশ্বাসঘাতকতা কৰাৰ অভিযোগ আনিছিল ৰিপুণ বৰাই(Former TMC Assam President Ripun Bora Rejoins Congress)।

যাৰবাবে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈ দুই পৃষ্ঠাৰ দীঘলীয়া পদত্যাগ পত্ৰ পঠিয়াই কংগ্ৰেছ দলৰ পৰা বিদায় লৈ ৰিপুণ বৰাই যোগ দিছিল তৃণমূল কংগ্ৰেছৰ ।

উল্লেখ্য যে, আজি ঐতিহাসিক চৰাইদেউ জিলাৰ অন্তৰ্গত মথুৰাপুৰ গ্রাম্য ক্রীড়া প্রকল্পত অনুষ্ঠিত হ’ব অসম প্রদেশ কংগ্ৰেছ কমিটিৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা। এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই সভা ।

এই সভাত সমগ্র অসমৰ চাৰিশৰো অধিক কংগ্রেছ কর্মী উপস্থিত থাকিব। বর্ধিত এই কার্যনির্বাহক বৈঠকত নামনি অসম, বৰাক উপত্যকা, পার্বত্য অঞ্চল, মধ্য অসমৰ উপৰি উজনি অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা আহিব কংগ্রেছ কর্মীসকলে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদাম ক্ষেত্ৰও পৰিদৰ্শন কৰিব।

দলটোৰ বর্ধিত কার্যনির্বাহক বৈঠকখন সুকলমে অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে গঠন কৰা অভ্যর্থনা সমিতিৰ উপদেষ্টাৰ দায়িত্বত আছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈ। বিৰোধী দলপতি দেবব্রত শইকীয়াক অধ্যক্ষ আৰু চৰাইদেউ জিলা কংগ্রেছৰ সভাপতি উৎপল গগৈক সম্পাদকৰূপে লৈ গঠিত অভ্যর্থনা সমিতিয়ে সমগ্ৰ অসমৰ চাৰিশ কংগ্ৰেছ প্রতিনিধিক আদৰিবলৈ সাজু।

লগতে পঢ়ক :Sensational incident : তৃতীয় শ্ৰেণীৰ ছাত্ৰী লগত অপকৰ্মৰ চেষ্টা যুৱকৰ