Local, Vocal, Global

ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিলে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে

নিউজ ডেস্ক : পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ (Narendra Singh Tomar) আৰু কিৰেন ৰিজিজুৰ (Kiren Rijiju) উপস্থিতিত দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টি (BJP)ত আনুষ্ঠানিকভাৱে যোগদান কৰে।

যোগদানৰ সময়ত, সিঙে তেওঁৰ দল, পঞ্জাৱ লোক কংগ্ৰেছ (PLC )কো বিজেপিৰ সৈতে একত্ৰিত কৰে। উল্লেখ্য যে, দিনটোৰ আৰম্ভণিতে দিল্লীত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰিছিল কেপ্তেইনে।

বিজেপিৰ মুখ্য কাৰ্যালয়ত সাংবাদিকক সম্বোধন কৰি সিঙে কয় যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু নাড্ডাৰ প্ৰতি কৃতজ্ঞ।

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী ৰিজিজুৱে বিজেপিত যোগদানক প্ৰশংসা কৰি কয় যে দেশৰ সঠিক চিন্তাধাৰাৰ লোকসকলক একত্ৰিত কৰা উচিত।

তেওঁ কয়, “পঞ্জাৱৰ দৰে এখন সংবেদনশীল ৰাজ্যক সাৱধানে চম্ভালিব লাগে। মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত, তেওঁ কেতিয়াও ৰাজনীতিক ৰাষ্ট্ৰীয় সুৰক্ষাৰ আগত ৰখা নাছিল।”

উল্লেখ্য যে, সিঙে ১২ ছেপ্টেম্বৰত দিল্লীত অমিত শ্বাহৰ সৈতে হোৱা বৈঠকৰ পিছত বিজেপিত যোগদান কৰিব বুলি ঘোষণা কৰিছিল।