Former President of Bodo Sahitya Sabha Toren Chandra Boro : বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োলৈ ৰাষ্ট্ৰীয় বঁটা
নিউজ ডেস্ক,১অক্টোবৰ : বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োলৈ ৰাষ্ট্ৰীয় বঁটা ।বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়ো নতুন দিল্লীত ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ।
এই ৰাষ্ট্ৰীয় বঁটা কাইলৈ অৰ্থাত দুই অক্টোবৰত নতুন দিল্লীত গান্ধী জয়ন্তীৰ দিনা প্ৰদান কৰিব ।
১৯৫৫ চনৰ ১ নৱেম্বৰত গোৱালপাৰাত জন্ম গ্ৰহণ কৰা আৰু বৰ্তমান গুৱাহাটীত থকা তৰেণ বড়োই ১৯৭৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এ (পিজি) উত্তীৰ্ণ হৈ গুৱাহাটীৰ ৰিজাৰ্ভ বেংকৰ চাকৰি কৰি অৱসৰ গ্ৰহণ কৰে । তেওঁ ১৯৮৪ -১৯৯০ চনত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য হয়(Former President of Bodo Sahitya Sabha Toren Chandra Boro)।
ইয়াৰ পিছতে তেওঁ বড়ো সাহিত্য সভাৰ মুখপত্ৰ ‘The Bodo’ ৰ সম্পাদক, যুটীয়া সম্পাদক, কোষাধক্ষ,উপ সভাপতি আৰু বড়ো সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল । ইপিনে ২০০৫ চনত সদৌ ভাৰত ৰিজাৰ্ভ বেংক কৰ্মচাৰী সন্থাৰ গুৱাহাটী শাখাৰ সম্পাদক, ২০১৩ চনত বোলছবিৰ এডভাইজৰী ব’ৰ্ডৰ সদস্য, ২০১৫ চনত কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি, নাগৰিক কমিটীৰ সদস্য, ২০২৩ চনত নতুন দিল্লীৰ সাহিত্য অকাডেমিৰ বড়ো এডভাইজৰী ব’ৰ্ডৰ আহ্বায়ক হিচাপেও তেওঁ বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছে ।
বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা স্বনামধন্য বিশিষ্ট লেখক সাহিত্যিক তৰেণ বড়োই নাটক, চুটি গল্প, উপন্যাস, কবিতা আদি বৰ্তমানলৈকে ১৪ খনতকৈও অধিক গ্ৰন্থ ৰচনা কৰিছে ।
লগতে পঢ়ক : LPG price hike :পূজাৰ বতৰত ৰাইজৰ ওপৰত মাধমাৰ; দুৰ্গা পূজাৰ পূৰ্বে পুনৰ দাম বৃদ্ধি বাণিজ্যিক চিলিণ্ডাৰৰ