Local, Vocal, Global

GU Student Clashes: গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুটাকৈ ছাত্ৰাবাস বন্ধৰ সিদ্ধান্ত

নিউজ ডেস্ক,১অক্টোবৰ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুটাকৈ ছাত্ৰাবাস বন্ধৰ সিদ্ধান্ত। হোষ্টেলৰ কৰ্তৃপক্ষই ছাত্রাৱাস দুটা সাময়িকভাৱে বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বন্ধ কৰিলে RCC-1 আৰু RCC-2 ছাত্ৰাবাস(GU Student Clashes)।

দুয়োটা হোষ্টেলৰ আবাসীসকল সংঘাতত লিপ্ত হোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ হোষ্টেল কৰ্তৃপক্ষৰ। কিছু পৰিস্থিতিৰ প্ৰতি নজৰ ৰাখি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধৰ নিৰ্দেশনা প্ৰদান কৰিছে কৰ্তৃপক্ষই।বুধবাৰে বিয়লিৰ ভিতৰত আৱাসীক দুয়োটা ছাত্রাৱাস খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে(RCC1 and RCC2 Boys Hostels Temporarily Closed)।

উল্লেখ্য যে, ২৬ ছেপ্টেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছিল ১৫টা পদত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচন। সুকলমে বৃহস্পতিবাৰে নিৰ্বাচনৰ বৈতৰণী পাৰ হ’ল যদিও ২৭ ছেপ্টেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতেই RCC-1 আৰু RCC-2 আৱাসীসকলৰ মাজত সৃষ্টি হয় সংঘাত।

এই সংঘাতৰ পিছতে আৱাসীসকলক হোষ্টেল এৰাৰ নিৰ্দেশ দিয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷ দুয়োটা হোষ্টেলৰ আবাসীসকলক বিশ্ববিদ্যালয় চৌহদত থকা আন আবাসত থকাৰ ব্যৱস্থা কৰিছে কৰ্তৃপক্ষই৷ লগতে আবাসীসকলৰ প্ৰয়োজনীয় সকলো সা-সুবিধা প্ৰদান কৰিব জনাইছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷

লগতে পঢ়ক :Former President of Bodo Sahitya Sabha Toren Chandra Boro : বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োলৈ ৰাষ্ট্ৰীয় বঁটা