Former MLA jiten gogoi will join AJP : কাইলৈ অসম জাতীয় পৰিষদত যোগ দিব প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে
নিউজ ডেস্ক,৩অক্টোবৰ : কাইলৈ অসম জাতীয় পৰিষদত যোগ দিব প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে।বহু সমৰ্থকক লগত লৈ যোগদান কৰিব বোকাখাতৰ প্ৰাক্তন বিধায়কগৰাকীয়ে।
উল্লেখ্য যে ২০০১ চনত প্ৰথমবাৰৰ বাবে বোকাখাত সমষ্টিৰ পৰা নিৰ্দলীয় বিধায়কৰূপে নিৰ্বাচিত হৈছিল জীতেন গগৈ(Former MLA jiten gogoi will join AJP) ৷
দুটাকৈ কাৰ্যকালৰ বাবে সমষ্টিটোৰ পৰা জীতেন গগৈ নিৰ্বাচিত হৈ আহিছিল বিধায়ক হিচাপে ৷ অৱশ্যে ইয়াৰ পৰৱৰ্তী সময়ত বোকাখাত সমষ্টি যায় অগপৰ বৰ্তমানৰ সভাপতি তথা ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাৰ হাতলৈ ৷ বিগত প্ৰায় দুটা দশকৰো অধিককাল জুৰি বোকাখাত নিৰ্মাণ গোট নামৰ এটা সংগঠনৰ নেতৃত্ব বহন কৰি আহিছে জীতেন গগৈয়ে ৷
৪ অক্টোবৰত বোকাখাতত অনুষ্ঠিত হ’বলগীয়া এই যোগদান কাৰ্যসূচীত তেওঁৰ বোকাখাত নিৰ্মাণ গোট নামৰ সংগঠনটোও চিৰদিনৰ বাবে চামিল হ’ব অসম জাতীয় পৰিষদত ৷
লগতে পঢ়ক : Assam police recruitment physical examination postponed :গুৱাহাটীত অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা স্থগিত