Local, Vocal, Global

সুৰাসক্ত চালকে মহটিয়াই নিলে ৩ জনকৈ শ্ৰমিকক

নিউজ ডেস্ক, ৩ আগষ্ট : ডিব্ৰুগড় সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা । দুৰ্ঘটনাটোত বুধবাৰে অসমৰ ডিব্ৰুগড় জিলাৰ জয়পুৰ নাতুন আলী পথত এখন দ্ৰুতবেগী বাহনে মহটিওৱাৰ যোৱাৰ ফলত তিনিজন লোক নিহত হয়।

নিহত লোকসকলক লাহোৱালৰ (Lahowal) বাসিন্দা বিক্ৰম মহালী ( Vikram Mahali), লখি পাটাৰ (Lakhi Patar ) আৰু নিৰ্মল দাস ( Nirmal Das) বুলি চিনাক্ত কৰা হৈছে ।

খবৰ অনুসৰি, তেওঁলোক তিনিওজন দৈনিক মজুৰী শ্ৰমিক আছিল আৰু ৰাস্তাৰ কাষত গাড়ীৰ বাবে অপেক্ষা কৰি থকা অৱস্থাত এখন দ্ৰুতবেগী বাহনে তেওঁলোকক মহটিয়াই পেলাইছিল।

উল্লেখ্য যে, আহত সকলৰ মাজৰ এজনৰ ঘটনাস্থলীত মৃত্যু হয় আৰু, আন দুজনক অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ (AMCH) লৈ যোৱা হৈছিল কিন্তু পৰৱৰ্তীসময়ত মৃত্যু বৰণ কৰে।

আনহাতে, ক্ষুব্ধ স্থানীয় লোকসকলে গাড়ীখনৰ চালকজনক প্ৰহাৰ কৰি আৰক্ষীৰ হাতত গতাই দিয়ে।

জানিব পৰা গৈছে যে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত চালকজন নিচাগ্ৰস্ত অৱস্থাত আছিল।