Local, Vocal, Global

Former foreign minister Natwar Singh passes away at 95 : প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাষ্ট্ৰদূত কে নাটৱাৰ সিঙৰ দেহাৱসান

নিউজ ডেস্ক, ১১ আগষ্ট: প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাষ্ট্ৰদূত কে নাটৱাৰ সিঙৰ দেহাৱসান । দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত শনিবাৰে নিশা দেহাৱসান ঘটে প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কে নটৱৰ সিঙৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৫ বছৰ ।গুৰুগ্ৰামৰ মেদন্ত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে নাটৱৰ সিঙে(Former External Affairs Minister K Natwar Singh Dies At 95)।

বিগত দুসপ্তাহ ধৰি স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে দিল্লীৰ সমীপৰ গুৰুগ্ৰামৰ মেদান্ত দ্য মেডিচিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীক ৷ কিন্তু শনিবাৰে নাটৱৰ সিঙৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ ফলত তেঁওৰ মৃত্যু হয়।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি,ৰাজস্থানত সম্পন্ন কৰা হ’ব অন্ত্যোষ্টিক্ৰিয়া। সামাজিক ৰীতি-নীতি অনুসাৰে দেওবাৰে তেঁওৰ সৎকাৰ কাৰ্য্য সম্পন্ন কৰা হ’ব বুলি পৰিয়ালৰ লোকে জনায়।

প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুত দেশৰ বিভিন্ন মহলে শোক প্ৰকাশ কৰিছে। তেখেতৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও সামাজিক মাধ্যমত শোক প্ৰকাশ কৰে(Former foreign minister Natwar Singh passes away at 95)।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে কে নটৱৰ সিঙৰ মৃত্যুত শোকপ্ৰকাশ কৰি কয় যে, প্ৰয়াত সিঙে কূটনীতি আৰু বৈদেশিক নীতিৰ জগতখনলৈ আগবঢ়াইছে উল্লেখযোগ্য অৱদান ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে X যোগে কয়, “শ্ৰী নটৱৰ সিং জীৰ মৃত্যুত দুখ পাইছো । তেওঁ কূটনীতি আৰু বৈদেশিক নীতিৰ জগতখনলৈ চহকী অৱদান আগবঢ়াইছিল । বুদ্ধিমত্তাৰ লগতে লেখক হিচাপেও তেওঁ পৰিচিত আছিল । এই শোকৰ সময়ত তেওঁৰ পৰিয়াল আৰু অনুৰাগীৰ প্ৰতি মই মোৰ শোক প্ৰকাশ কৰিছো ৷ ওঁম শান্তি ।”

প্ৰবীণ ৰাজনীতিবিদ ৰণদীপ সুৰজেৱালায়ো X যোগে প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় ।ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এখন সুৰজেৱালাই দুখ প্ৰকাশ কৰি উল্লেখ কৰে, “প্ৰাক্তন বৈদেশিক মন্ত্ৰী নটৱৰ সিং জীৰ মৃত্যুৰ খবৰটো দুখজনক । ভগৱানে তেওঁৰ পৰিয়ালক এই ক্ষতি সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক আৰু তেখেতৰ বিদেহ আত্মাক শান্তি প্ৰদান কৰক(Ex-External Affairs Minister Natwar Singh dies at 93) ।”

লগতে পঢ়ক :Former YouTube CEO Susan Wojcicki Dies At 56 : অৱশেষত জীৱন যুদ্ধত হাৰ মানিলে ইউটিউবৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া চুজান ৱ’জচিকি