Former Bangladesh PM Walks Out Of Jail After Nearly 6 Years : মুকলি আকাশৰ তললৈ আহিল বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিৰোধী দলৰ নেত্ৰী খালেদা জিয়া
ইণ্টাৰনেশ্যনেল ডেস্ক, ৬আগষ্ট : মুকলি আকাশৰ তললৈ আহিল বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিৰোধী দলৰ নেত্ৰী খালেদা জিয়া । প্ৰধানমন্ত্ৰীৰ শ্বেখ হাছিনাৰ পদত্যাগৰ পিছতে বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে কাৰাবন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা দেশৰ বিশিষ্ট বিৰোধী নেত্ৰী খালেদা জিয়াৰ মুক্তিৰ নিৰ্দেশ জাৰি কৰে । তাৰ পিছতে মঙলবাৰে খালেদা জিয়াক কাৰাগাৰৰ পৰা মুক্ত কৰা হৈছে বুলি ‘বাংলাদেশ নেচনেল পাৰ্টি’ৰ এজন মুখপাত্ৰই সদৰী কৰে( Former Bangladesh PM Walks Out Of Jail After Nearly 6 Years)।
উল্লেখ্য যে, বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী খালেদা জিয়া ২০১৮ চনত বিভিন্ন দুৰ্নীতিৰ গোচৰত ১৭ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত হৈছিল। শ্বেখ হাছিনাই দেশৰ পৰা পলায়ন কৰাৰ কেইঘণ্টামানৰ পাছতে সোমবাৰে খালেদা জিয়াৰ মুক্তিৰ নিৰ্দেশ দিছিল বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ শ্বাহবুদ্দীনে(Khaleda Zia Is Free)।
খালেদা জিয়াৰ মুক্তিৰ লগে লগে বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ শ্বাহবুদ্দীনে সংসদ ভংগ কৰে। খালেদা জিয়া প্ৰথমবাৰৰ বাবে ১৯৯১ চনত প্ৰধানমন্ত্ৰী হৈছিল আৰু ১৯৯৬ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ দ্বিতীয়টো কাৰ্যকাল আছিল ২০০১ চনৰ পৰা ২০০৬ চনলৈ।
লগতে পঢ়ক : Police firing in Diphu : ডিফুত শূন্যলৈ গুলীচালনা আৰক্ষীৰ