Police firing in Diphu : ডিফুত শূন্যলৈ গুলীচালনা আৰক্ষীৰ
নিউজ ডেস্ক,৬আগষ্ট : ডিফুত শূন্যলৈ গুলীচালনা । প্ৰতিবাদী সমদলক বাধা দিবলৈ শূন্যলৈ গুলীচালনা কৰে আৰক্ষীয়ে । গুলীচালনাৰ সমান্তৰালকৈ লাঠি চালনাও কৰে আৰক্ষীয়ে।
জানিব পৰা মতে, কাৰ্বি আংলঙৰ PGR-VGR ভূমিত উচ্ছেদৰ দাবীৰে ডিফুত প্ৰতিবাদ কৰিছিল একাংশই । বিভিন্ন দল-সংগঠনে অংশগ্ৰহণ কৰিছিল এই প্ৰতিবাদী সমদলত। ডিফুৰ বিৰলা অঞ্চলৰ পৰা ওলাইছিল এই প্ৰতিবাদী সমদল(Police firing in Diphu)।
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ৰ দিশে অভিমুখী আছিল প্ৰতিবাদী সমদলটো। আৰক্ষীৰ পথ নিৰ্দেশনা নমনা বাবেই আৰক্ষীয়ে বাধা প্ৰদান কৰে প্ৰতিবাদীক। সম্প্ৰতি ডিফুৰ আমোলাপট্টীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।