Local, Vocal, Global

Dead body recovered : পুখুৰীত উৱঁলি যোৱা অৱস্থাত উদ্ধাৰ মৃতদেহ

নিউজ ডেস্ক,৬আগষ্ট : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Dead body recovered)।

পুনৰ ৰাজ্যত উদ্ধাৰ মৃতদেহ । মাকুম আৰক্ষী থানাৰ অন্তৰ্গত টিংৰাই বঙালী গাঁৱৰ অশোক নগৰত পুখুৰীত উৱঁলি যোৱা মৃতদেহ উদ্ধাৰ মৃতদেহ । উদ্ধাৰ হোৱা মৃতদেহটো ৪১ বছৰ বয়সৰ বাবু খনিকৰ নামৰ এজন ব্যক্তিৰ বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, দেওবাৰৰৰ পৰা নিৰুদ্দেশ হৈ আছিল বাবু খনিক । কিন্তু মঙলবাৰে পুৱা ৬ বজাত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি টিংৰাই বঙালী গাঁৱৰ গাঁও প্ৰধানজনক খবৰ দিয়ে ৷ লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত স্থানীয় মাকুম থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো পুখুৰীৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে(Dead body recovered in Tinsukia) ।

বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ জানিব পৰা হোৱা নাই মৃত্যুৰ কাৰণ । মৰণোত্তৰ পৰীক্ষাৰ অন্তত হে পোহৰলৈ আহিব মৃত্যুৰ প্ৰকৃত কাৰণ।

উল্লেখযোগ্য যে মৃত্যুৰ সময়ত ব্যক্তিজনে এগৰাকী কন্যা সন্তানক ইহসংসাৰত এৰি থৈ যায় । ব্যক্তিজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰা দেখা গৈছে ।

লগতে পঢ়ক : Former Bangladesh PM Walks Out Of Jail After Nearly 6 Years : মুকলি আকাশৰ তললৈ আহিল বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিৰোধী দলৰ নেত্ৰী খালেদা জিয়া