Local, Vocal, Global

Former Assam Minister Thaneswar Boro Hospitalised : হঠাৎ স্বাস্থ্যৰ অৱনতি প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ

নিউজ ডেস্ক,৯মে’ : হঠাৎ স্বাস্থ্যৰ অৱনতি প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ । বৃহস্পতিবাৰে দিনৰ ভাগত হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটে প্ৰাক্তন মন্ত্ৰীগৰাকীক(Former Assam Minister Thaneswar Boro Hospitalised In Rangia) ।

বৰ্তমান ৰঙিয়াৰ স্বস্তি হাস্পতালত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন মন্ত্ৰীগৰাকীক । জানিব পৰা মতে, দীৰ্ঘদিনে হৃদৰোগত ভুগি আছিল প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো ।

আজি হাস্পতালত তেওঁৰ সৈতে থকা স্থানীয় এজন লোকে জানিবলৈ দিয়া অনুসৰি দেহৰ বিভিন্ন ঠাইত পানী জমা হৈছে প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ ।

উল্লেখ্য যে, থানেশ্বৰ বড়ো ১৯৮৫ চনৰ পৰা ২০০১ চনলৈ একেৰাহে ৰঙিয়াৰ বিধায়ক হৈ আছিল । ইয়াৰ উপৰিও অগপ চৰকাৰৰ প্ৰথমটো কাৰ্যকালত তেওঁ ৰাজহ মন্ত্ৰী হোৱাৰ লগতে পৰৱৰ্তী সময়ত দুবাৰকৈ শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল(Former Assam Minister Thaneswar Boro Hospitalised In Rangia) ।

লগতে পঢ়ক : Kedarnath Dham Set To Reopen For Devotees On May 10 : কাইলৈৰ পৰা ভক্তই দৰ্শন কৰিব পাৰিব কেদাৰনাথ মন্দিৰ