Local, Vocal, Global

‘Shiv Sena Balasaheb’ নামেৰে নতুন দল গঠন

নিউজ ডেস্ক, ২৫ জুন : একনাথ শিন্দেৰ নেতৃত্বত গুৱাহাটীত বাহৰ পাতি থকা বিদ্ৰোহী বিধায়কসকলে শনিবাৰে জানিব দিয়ে যে, ‘Shiv Sena Balasaheb’ নামেৰে নামাকৰণ কৰি তেওঁলোকে এটা নতুন দল গঠন কৰিব।

বিদ্ৰোহী শিৱসেনাৰ বিধায়ক দীপক কেচৰকাৰে কয় যে “আমাৰ গোটটোক শিৱসেনা বালাচাহেব বুলি কোৱা হ’ব। আমি কোনো দলৰ সৈতে একত্ৰিত নহও,”।

দীপক কেচৰকাৰে আৰু কয় যে “মহাৰাষ্ট্ৰত আমাৰ ওচৰত মাত্ৰ দুটা বিকল্প আছে, হয় এনচিপি বা বিজেপিক সমৰ্থন কৰিবলৈ। অৱশ্যে, বিজেপিৰ সৈতে যোৱাৰ বিকল্প বাকী আছে”, ” BJPৰ সৈতে যাব নে নাই সেই সন্দৰ্ভত Eknath Shinde চূড়ান্ত সিদ্ধান্ত ল’ব”।