Local, Vocal, Global

বলীউডৰ জগতত ৩০ বছৰ সম্পূৰ্ণ বাদচাহৰ

নিউজ ডেস্ক, ২৫ জুন : বলীউডৰ জগতত ৩০ বছৰ সম্পূৰ্ণ বাদচাহ (‘King Of Bollywood’) শ্বাহৰুখ খানৰ ।

১৯৯২ চনৰ ২৫ জুনত Deewanaৰ সৈতে বলীউডত প্ৰৱেশ কৰাৰ পৰা আৰু তেতিয়াৰ পৰা তেওঁ কেতিয়াও ঘূৰি চাব লগা হোৱা নাছিল।

খলনায়ক হিচাপে কেৰিয়াৰ আৰম্ভ কৰি ৰোমাঞ্চৰ অবি সংবাদিত ৰজা হোৱালৈ , শ্বাহৰুখ খানে বহুদূৰ আগবাঢ়ি আহিছে আৰু বিশাল সফলতা লাভ কৰিছে।

শ্বাহৰুখ খান হৈছে একমাত্ৰ অভিনেতা যিয়ে ২০০০ চনৰ পৰা ২০০৪ চনলৈ ৫ টা বেক টু বেক বিশ্বব্যাপী ‘Highest Grosser Of The Year’ লাভ কৰিছিল ।

ডুবাইৰ Burj Khalifaত বাবে জন্মদিনৰ বা আন কোনো শুভেচ্ছা প্ৰদান কৰিবৰ বাবে তিনি মিনিটত ভাৰতীয় টকাত প্ৰায় ৫০ লাখ টকা প্ৰদান কৰিব লাগে। কিন্তু বলীউডৰ বাদচাহ শ্বাহৰুখ খান হৈছে ভাৰতৰ এক মাত্ৰ ব্যক্তি যাক তেওঁলোকে নিজেই জন্মদিনৰ শুভেচ্ছা প্ৰদান কৰে।

১৯৯২ চনৰ পৰা বৰ্তমান সময়লৈকে শ্বাহৰুখ খানে মুঠ ৯৭ খন চলচ্চিত্ৰ দৰ্শকৰ বাবে আগবঢ়াইছে।

৯৭ খন চলচ্চিত্ৰৰ ভিতৰত ৯০ খন ছবি মুক্তি পাইছে আৰু ৭ খন তেওঁৰ আহিবলগীয়া চলচ্চিত্ৰ য’ত তেওঁ মুখ্য চৰিত্ৰত বা cameo ৰূপত অভিনয় কৰিব।

তেওঁৰ আহিবলগীয়া ৭খন চলচ্চিত্ৰ হৈছে The Nambi Effect,

Rocketry: The Nambi Effect (2022) - IMDb

Laal Singh Chaddha

, Brahmastra,

Pathaan,

Tiger 3,

Jawan,

আৰু Dunki ।