Local, Vocal, Global

ASCARD বেংকৰলেনদেনৰ নথিপত্ৰ জব্দ কৰাৰ নিৰ্দেশ

নিউজ ডেস্ক, ২৫ জুন : শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম ৰাজ্যিক সমবায় আৰু গ্ৰামোন্নয়ন (ASCARD) বেংকৰ সকলো লেনদেনৰ নথিপত্ৰ জব্দ কৰাৰ নিৰ্দেশ প্ৰদান কৰে।

উচ্চ ন্যায়ালয়ে আৰক্ষীৰ সঞ্চালক প্ৰধানক (DGP) ৰাজ্যিক সমবায় আৰু গ্ৰামোন্নয়ন বেংকৰ বিত্তীয় লেনদেন সম্পৰ্কীয় সকলো নথি-পত্ৰ জব্দ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

খবৰ অনুসৰি, বেংকৰ কৰ্মচাৰীসকলে যোৱা কেইবামাহ ধৰি তেওঁলোকৰ প্ৰাপ্য পৰিশোধ নকৰাৰ পিছত উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। আৰু তাৰ পাছতে উচ্চ ন্যায়ালয়ে এই নিৰ্দেশনা প্ৰদান কৰিছে।

ইফালে, বেংক কৰ্তৃপক্ষই আদালতত দাখিল কৰা এক প্ৰতিবেদনত প্ৰকাশ কৰে যে তেওঁলোকৰ পুঁজিত মাত্ৰ ২১ লাখ টকা আছে।