কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ আক্ৰমণত আহত বনকৰ্মী

নিউজ ডেস্ক ৭ এপ্ৰিল : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলত এগৰাকী বনকৰ্মী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । এটা গড়ৰ আক্ৰমণতে আহত হয় বনকৰ্মী গৰাকী।
কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলী কিং-কোব্ৰা বন শিবিৰ অঞ্চলত বনকৰ্মী গৰাকীয়ে তহল দি থকা সময়তে সংঘটিত হয় এই ঘটনাটো ।

জানিব পৰা মতে, কিং কোব্ৰা বন শিবিৰ এলেকাত কৰ্তব্যৰত অৱস্থাত এজনী মাইকী গঁড়ে অতৰ্কিতে পহৰাদাৰী তিনিজনীয়া বনকৰ্মীৰ দলটোক আক্ৰমণ কৰে। এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় ৰূপম চেতিয়া নামৰ বনকৰ্মীজন।
গঁড়ৰ আক্ৰমণত ভৰিত আঘাতপ্ৰাপ্ত বনকৰ্মীজন কাজিৰঙাৰ ৰাইন’প্ৰটেকশ্যন ফ’ৰ্চৰ জোৱান বুলি জানিব পৰা গৈছে ।

গঁড়ৰ আক্ৰমণত আঘাতপ্ৰাপ্ত বনকৰ্মীজনক ততাতৈয়াকৈ বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পতালত প্ৰেৰণ কৰা হয়।