Local, Vocal, Global

বাৰিষা অহা লগে লগেই মাজুলীত গৰাখহনীয়াৰ তাণ্ডৱ

নিউজ ডেস্ক, ৭ এপ্ৰিল : বাৰিষা অহাৰ লগে লগেই যেন মাজুলীবাসী লৈ নামি আহিছে ভাবুকি । মাজুলীৰ আহঁতগুৰিকে ধৰি ২০ খনকৈ গাঁৱৰ গঞা ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ।

বাৰিষা অহা লগে লগেই মাজুলীত গৰাখহনীয়াৰ তাণ্ডৱ

বিগত বৰ্ষৰ দৰেই এই বছৰো বাৰিষা অহাৰ লগে লগেই আৰম্ভ হৈছে গৰাখহনীয়াৰ তাণ্ডৱ।
মাজুলীৰ আহঁতগুৰিৰ হুতাৰ,ৰায়টি,মাজৰচাপৰিকে আদি কৰি বহু কেইখন গাঁৱ লৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াই এফালৰ পৰা ভাবুকি কঢ়িয়াই আনিছে।

উল্লেখযোগ্য যে, শেহতীয়াকৈ জলসম্পদ বিভাগে পাৰ্কুপাইনৰ আচনি ৰূপায়ন কৰিছিল যদিও সেয়াও সম্পূৰ্ণ হৈ নুথিল। ৩ কোটিটকীয়া আচনিত ভয়াবহ দুৰ্নীতি সংঘটিত হৈছিল। যাৰ পৰিনতিত অঞ্চলবাসীয়ে ভয়াবহ খহনীয়া ভোগ কৰিব লগীয়া হৈছে ।