Local, Vocal, Global

আজি বিশিষ্ট সাহিত্যিক, কবি আৰু সাংবাদিক পদ্মনাথ গোহাঞি বৰুৱাৰ পুণ্য তিথি

নিউজ ডেস্ক, ৭ এপ্ৰিল : একেধাৰে কবি, উপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্ৰৱন্ধকাৰ আৰু সাংবাদিক পদ্মনাথ গোহাঞি বৰুৱাৰ আজি মৃত্যু তিথি।

অসীম ত্যাগ স্বীকাৰ কৰি অসমীয়া ভাষা সাহিত্যৰ ভেটি নির্মাণ কৰি সুদৃঢ় কৰা লেখকসকলৰ ভিতৰত পদ্মনাথ গােহাঞি বৰুৱা অন্যতম। তেখেতৰ জন্ম হৈছিল ১৮৭১ চনত উত্তৰ লখিমপুৰ (লক্ষীমপুৰৰ) নকাড়ী নামৰ গাঁৱত। তেখেতৰ দেউতাক আছিল ঘিণাৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল লম্ভীদেৱী বৰুৱা।

আনহাতে, পদ্মনাথ গােহাঞি বৰুৱাই কলকাতাত বি. এ. পঢ়ি থাকোতে অসমীয়া ভাষা সাহিত্য সাধনাত ব্ৰতী হৈছিল। জোনাকী আলোচনীত তেখেতে লেখা মেলা আৰম্ভ কৰিছিল। ১৯১৭ চনত তেখেতে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ প্ৰথম সভাপতি আছিল।

আজি পদ্মনাথ গোহাঞি বৰুৱাৰ পুণ্য তিথি

পদ্মনাথ গােহাঞি বৰুৱাৰ ৰচনাৱলী সমূহৰ ভিতৰত কবিতা পুথি সমূহ ক্ৰমে পদ্মাপাণি (বন্ধু পানীন্দ্ৰ নাথ গগৈৰ সৈতে লগ লাগি ৰচনা কৰিছিল), লীলা, জুৰণি (১৯০১), চানেকি (১৯৪১), নাটকসম্পাদনা সমূহ ক্ৰমে জয়মতী (১৯০০), গদাধৰ(১৯০৭), সাধনী (১৯১১), লাচিত বৰফুকন (১৯১৫),
গাওঁবুঢ়া (১৮৯৭, প্ৰহসনমূলক নাটক ), টেটোন তামুলি (১৯০৯, প্ৰহসনমূলক নাটক ), ভূত নে ভ্ৰম (১৯২৪, প্ৰহসনমূলক নাটক ), বাণৰজা (১৯৩২, পৌৰাণিক নাটক ), উপন্যাসসম্পাদনা সমূহ ক্ৰমে ভানুমতী (১৮৯১), লাহৰী (১৮৯২), আত্মজীৱনীসম্পাদনা সমূহ মোৰ সোঁৱৰণী (১৯৭২), ধৰ্মমূলক গ্ৰন্থসম্পাদনা সমূহ
শ্ৰীকৃষ্ণ (১৯৩০), আন গ্ৰন্থসম্পাদনা সমূহ গীতাসাৰ (১৯৩৫),
নীতিশিক্ষা, আদি শিক্ষা, মহাৰাণী, অসমৰ বুৰঞ্জী, হিন্দু বুৰঞ্জী
সাহিত্য সংগ্ৰহ (১৮৯০), জীৱনী সংগ্ৰহ (১৯১৫), বুৰঞ্জীবোধ আদি।

সকলোৰে মাজত বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ, কবি, প্ৰৱন্ধকাৰ আৰু সাংবাদিক পদ্মনাথ গোহাঞি বৰুৱাই তেওঁৰ অৱদানসমূহ আপুৰুগীয়া সম্পদ হিচাপে দি থয় যায়।