Local, Vocal, Global

Food Poisoning Case : ধেমাজিত প্ৰসাদত বিষক্ৰিয়া, অসুস্থ ১৬ জনৰো অধিক লোক

ধেমাজি, ১অক্টোবৰ : ধেমাজিত সংঘটিত হৈছে এক অঘটন ৷ ধেমাজি বৰদলনি নগাঁও দেওঘৰবাৰীত মাহ প্ৰসাদ খাই অসুস্থ হৈ পৰিছে ১৬ জনকৈ লোক ৷ শুকুৰবাৰে প্ৰসাদ গ্ৰহণৰ পিছতেই ইজনৰ পিছত আনজন খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হৈছে(Food Poisoning Case) ৷

জানিব পৰা মতে,বৰদলনিৰ নগাওঁ পদুমণি আইথানত এগৰাকী লোকে মাহ প্ৰসাদ আৰু পায়সৰ শৰাই আগবঢ়াইছিল । মাহ-প্ৰসাদ খোৱাৰ পিছতে অসুস্থ হৈ পৰে বহু কেইজন লোক(Food Poisoning Case in Dhemaji) ৷

শৌচ, বমি, পেটৰ বিষত আক্ৰান্ত হয় লোকসকল ৷ খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত আটাইকেইজন লোকেই গ্ৰহণ কৰিছিল প্ৰসাদ ৷ সেয়ে প্ৰসাদ গ্ৰহণ কৰাৰ পৰাই আটাইকেইজন লোক অসুস্থ হোৱা বুলি প্ৰায় নিশ্চিত হৈছে । তথ্য অনুসৰি, সম্প্ৰতি অসুস্থ লোককেইজন ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে(Food Poisoning Case in Dhemaji) ৷

লগতে পঢ়ক :Food poisoning case : পাঠশালাত প্ৰসাদত বিষক্ৰিয়া, অসুস্থ ৪০ জনৰো অধিক লোক