Local, Vocal, Global

মহাবাহুৰ বুকুত জলমগ্ন জলেশ্বৰ

গোৱালপাৰা জিলাত বান পানীৰ ভয়ংকৰ ৰূপ । জিলাখনৰ শতাধিক ৰাজহ গাঁও বান পানীৰ কৱলত । বিশেষকৈ জলেশ্বৰ সমষ্টিত বানপানীয়ে মহা প্ৰলয়ৰ সৃষ্টি কৰিছে । চিলাৰভিটাত খৰমুজা বেলডুবি সংযোগী মথাউৰি ব্ৰহ্মপুত্ৰ নদীত জাহ যোৱাৰ ফলত সমষ্টিটোত ব্ৰহ্মপুত্ৰ নদীৰ পানী সোমাই সাগৰত পৰিণত হৈছে । পানীৰ তীব্ৰ সোঁতত উটি গৈছে ঘৰবাৰী । ৰাজমিতা গাওঁত চকুৰ সন্মুখতে ঘৰবাৰী নোহোৱা হৈছে । জলেশ্বৰ সমষ্টিৰ বাট পথ তল যোৱাত পথ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে । ফলত আতংকিত ৰাইজে ঘৰবাৰী সা সম্পত্তি এৰি কেৱল নিজৰ জীৱনটো লৈ ওখ ঠাই বিচাৰি হাবাথুৰি খাব লগা হৈছে । বহু পৰিয়াল ঘৰবাৰী হেৰুৱাই মথাউৰিত আশ্ৰয় লৈছে ।