Local, Vocal, Global

সোণালী বাঘক লৈ  চৰ্চা এতিয়া  চ’ছিয়েল মিডিয়াত

এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ বাঘক লৈ বিতৰ্ক । এগৰাকী প্ৰকৃতিবিদৰ কেমেৰাত আৱদ্ধ হোৱা এই সোণালী ৰঙৰ বাঘক লৈ  চৰ্চা এতিয়া  চ’ছিয়েল মিডিয়াত ।

বাতৰি  সম্প্ৰচাৰিত হোৱাৰ পিছতেই পোহৰলৈ আহিছে কেতবোৰ বিষয় । এবছৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি জাহাজত যোৱা এজন প্ৰকৃতিবিদৰ কেমেৰাত আৱদ্ধ হৈছিল  এই সোণালী বাঘ । বিশেষজ্ঞৰ মতে প্ৰকৃততে এয়া কোনো সোণালী বাঘ নহয় ই এক বাঘৰ বেমাৰৰ লক্ষণ । ই কোনো দুষ্প্ৰাপ্য প্ৰজাতিৰ বাঘ নহয় । সাধাৰণ বাঘৰ ই এটা চৰ্ম ৰোগ। বাঘৰ এই বেমাৰক বিশেষজ্ঞৰ মতে MELANISTIC বুলি কোৱা হয় ।

কাজিৰঙাত বংশানুক্ৰমে বৃদ্ধি হৈছে বাঘৰ এই ৰোগ। পূৰ্বতে ২০১৪ চনত দেখা পোৱা গৈছিল এইধৰণৰ বাঘ। বিশেষকৈ বাঘে দূৰ দূৰ অঞ্চললৈ গৈ বংশ বৃদ্ধি কৰে । কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাঘ ওলাই যোৱাৰ ৰাস্তা বন্ধ হৈ পৰাত উদ্যান খনৰ সীমিত বাঘৰ মাজতেই বংশ বৃদ্ধি হৈছে । যাৰফলত বংশানুক্ৰমে বাঘৰ মাজত বৃদ্ধি পাবলৈ আৰম্ভ হৈছে এই ধৰণৰ চৰিত্ৰ । বৰ্তমান কেমেৰাত আৱদ্ধ হোৱা বাঘটো এজনী মাইকী বাঘ । এই মাইকী বাঘজনীৰ পৰা বংশ বৃদ্ধি হোৱা বাঘৰ মাজত এই ধৰণৰ চৰিত্ৰ পোৱাটো নিশ্চিত ।