ৰাজ্যৰ ভিন্ন প্ৰান্তত বানৰ সংহাৰী ৰূপ
- উজনি-নামনিত বানৰ সংহাৰ
- ভূটানে পুনৰ এৰিলে কুৰিশ্বু বান্ধৰ পানী
- পানী এৰাৰ ফলত বৃদ্ধি পাইছে বেঁকী নদীৰ জলস্তৰ
- প্ৰতি ছেকেণ্ডত এৰিছে ১৭০০ কিউবিক মিটাৰ পানী
- ইতিমধ্যে বিপদসীমাৰ ওপৰেৰে বৈ আছে বেঁকী নৈৰ পানী
- বৰপেটা, চিৰাং, বাক্সাত ভয়াৱহ বানৰ আশংকা
- বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ, পহুমাৰা, কালদিয়া নৈৰ পানী
- আনফালে নলবাৰীতো বানৰ ভয়াৱহ ৰূপ
- শিয়ালমাৰীত চিঙিল মৰা পাগলাদিয়া নদীৰ মথাউৰি
- শিয়ালমাৰী বালিকে ধৰি প্ৰায় ১০খনকৈ গাঁও প্লাৱিত
- বানত বুৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো
- কাৰ্বি পাহাৰলৈ গতি কৰিছে বন্যপ্ৰাণীসমূহ
- একাংশ বন্যপ্ৰাণীয়ে আশ্ৰয় লৈছে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত
- বেৰিকেড গঢ়ি বন্যপ্ৰাণীক সুৰক্ষা দিয়াৰ চেষ্টা বন কৰ্তৃপক্ষৰ
- ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে
- বানৰ প্ৰকোপ বাঢ়িলে গ্ৰহণ কৰিব টাইম কাৰ্ডৰ ব্যৱস্থা