Local, Vocal, Global

ভাৰত-ভূটান সীমান্ত বানপানীত কেইবাখনো গাঁও

ভাৰত-ভূটান সীমান্ত বানপানীত বুৰিল কেইবাখনো গাঁও ৷ ভূটানৰ পৰা বৈ অহা শুক্লাই নৈৰ বাঢ়নী পানীয়ে নালাপাৰা-বাদলাপাৰা আৰু আটাৰীখাট-ভেৰগাঁও পথত কেইবাদিনো ধৰি বহিঃ বিশ্বৰ সৈতে যোগাযোগ ব্যাহত হৈ আছে৷ কেইবাখনো ক্ষুদ্ৰ চাহ বাগিচা পানীৰ তলত৷ নেৰানেপেৰা বৰষুণৰ ফলত ভেৰগাঁৱৰ শুক্লাই, নাচনশালী, গৰুৱাঝাৰ, নাওবান্ধা আদি কেইবাখনো ঠাইত সৃষ্টি হৈছে বানপানীৰ৷ হাহাকাৰ পৰিৱেশ৷ ইফালে ভূটান সীমান্তত কেইবাখনো নদী উফন্দি উঠাত সৃষ্টি হৈছে তীব্ৰ গৰাখহনীয়াৰ৷ আনহাতে ওদালগুৰিৰ সীমামূৰীয়া বাক্সাৰ বাঙালীপাৰাত দেউচুঙা নৈৰ মথাউৰি ভাঙি বৃহত্তৰ অঞ্চলটো বুৰাই পেলোৱাত সৃষ্টি হৈছে তীব্ৰ আতংকৰ৷ শুক্লাই নৈৰ গৰাখহনীয়াৰ ফলত কেইবাখনো বিদ্যালয় নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে ৷