Local, Vocal, Global

উপায়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ ১০ ঘণ্টা জোৰা বৈঠক

নিউজ ডেস্ক,৫ এপ্ৰিলঃ মঙ্গলবাৰে ৰাজ্যৰ উপায়ুক্তসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শমাই।

খানাপাৰাৰ প্ৰশাসনিক মহাবিদালয়ত অনুষ্ঠিত হোৱা এই বৈঠকত ৰাজ্যৰ মুঠ ৩৩খন জিলাৰ উপায়ুক্ত উপস্থিত থকাৰ লগতে ৰাজ্য প্ৰশাসনৰ বহু কেইগৰাকী শীৰ্ষ বিষয়া উপস্থিত আছে। এই বৈঠক পুৱা ১০ বজাৰ পৰা নিশা ৮.৪৫ বজালৈ অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এই সন্মিলনত অংশ গ্ৰহণ কৰে মন্ত্রী পৰিমল শুক্লবৈদ্য, ৰঞ্জিত কুমাৰ দাস, কেশৱ মহন্ত আৰু সঞ্জয় কিষানে । সন্মিলনৰ আৰম্ভনীতে আদৰণী ভাষণত মুখ্য সচিব জিষ্ণু বৰুৱাই সন্মিলনখনৰ বিভিন্ন দিশ সম্পৰ্কে উল্লেখ কৰে ।

লগতে ৰাজ্য চৰকাৰৰ অব্যাহত থকা বিভিন্ন আঁচনিৰ সফল ৰূপায়ণৰ ক্ষেত্রত উপায়ুক্তসকলৰ ভূমিকা সম্পৰ্কে সদৰি কৰে । এই বৈঠকত জল জীৱন মিছন, কৃষকৰ পৰা ধান ক্ৰয়ৰ অগ্ৰগতি, জিলা আন্তঃগাঠনি প্ৰকল্প, মিছন বসুন্ধৰা, ৰাজহ ভূমি অধিগ্ৰহণ আৰু বান প্ৰতিৰোধৰ ব্যৱস্থাপনা, প্ৰধানমন্ত্রী আৱাস যোজনা, চাহ বাগিচা এলেকাৰ বিদ্যালয় ব্যৱস্থাপনা, জাতিগত প্ৰমান পত্র বিদ্যালয়ত দিয়াৰ ব্যৱস্থা আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত বিশদভাৱে আলোচনা কৰা হয়।

উল্লেখ্য যে, মে’ মাহত তেজপুৰত অনুষ্ঠিত হ’বলগীয়া ‘উপায়ুক্ত সন্মিলন’ৰ এক প্ৰস্তুতি সভা হিচাপে আজি ৰাজ্যৰ উপায়ুক্তসকলৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্রী । মুখ্যমন্ত্রীয়ে উপায়ুক্তসকলক জিলা প্ৰশাসনত প্ৰশাসন প্ৰণালীৰ আধাৰ হিচাপে জনসাধাৰণৰ লাভালাভ আৰু সুবিধাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় ।