গুৱাহাটী এক্সপ্ৰেছৰ পৰা ট্ৰেক পাৰ হোৱাৰ সময়তেই নিহত হয় ৫ জন লোক

নিউজ ডেস্ক, ১২ এপ্ৰিলঃ সোমবাৰে নিশা অন্ধ্ৰ প্ৰদেশত শ্ৰীকাকুলাম জিলাৰ কোণাৰ্ক এক্সপ্ৰেছৰ খুন্দাত ৬জন লোক নিহত হয়। আৰক্ষীয়ে জনোৱা মতে, বাটুৱা গাঁৱত কাৰিকৰী সমস্যাৰ বাবে ৰে’লখন ৰৈ যোৱাৰ সময়ত গুৱাহাটী অভিমুখী ছুপাৰফাষ্ট এক্সপ্ৰেছৰ কিছুযাত্ৰী ৰে’ল পথত নামি আহিছিল।
কিন্তু সেই সময়তে বিপৰীত দিশৰ পৰা অহা কোণাৰ্ক এক্সপ্ৰেছে (Konark Express) ছজন লোকক খুন্দা মাৰে।খুন্দা ফলত ঘটনাস্থলীতে নিহত হয় লোককেইজন।
এই দূৰ্ঘটনাত অন্য এগৰাকী লোক গুৰুতৰভাৱে আহত হয়। আহত লোকগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হয়।
এই ঘটনা সন্দৰ্ভে জনাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডী। মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে ঘটনাটোত শোক প্ৰকাশ কৰিছে। তেওঁ জিলা কৰ্তৃপক্ষক সাহায্যৰ কাম আৰম্ভ কৰিবলৈ আৰু আহতসকলক উপযুক্ত চিকিৎসা সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।
দুৰ্ঘটনাটোৰ ফলত ৫ জন লোকে থিতাতে নিহত হয়। ইয়াৰে ভিতৰত দুজন লোক অসমৰ বুলি জানিব পৰা গৈছে। অন্য তিনিগৰাকীৰ পৰিচয় বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই। আনহাতে আহত গৰাকী উৰিষ্যাৰ বুলি জানিব পৰা গৈছে।