Local, Vocal, Global

প্ৰথমবাৰৰ বাবে অসমত জ্ঞানপীঠ বঁটা প্ৰদান অনুষ্ঠান-কাব্যঋষি নীলমণি ফুকনলৈ জ্ঞানপীঠ বঁটা

নিউজ ডেস্ক, ১২ এপ্ৰিলঃ সোমবাৰে ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ’ল ৫৬সংখ্যক ভাৰতীয় জ্ঞানপীঠ বঁটা (Jnanpith Award)অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কবি নীলমণি ফুকনক প্ৰদান কৰিলে জ্ঞানপীঠ বঁটা।

শাৰীৰিক অসুস্থতাৰ বাবে দিল্লীত এই সন্মান গ্ৰহণ কৰিব নোৱাৰা ঋষিতুল্য কবি গৰাকীৰ বাবে ভাৰতীয় জ্ঞানপীঠে অসমতে এই বঁটা প্ৰদান কৰাৰ পিছত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক দপ্তৰে দায়িত্ব লৈ গুৱাহাটীত আয়োজন কৰে বঁটা প্ৰদান অনুষ্ঠানৰ ৷

জ্ঞানপীঠ বঁটা নিৰ্বাচন সমিতিৰ অধ্যক্ষা ড৹ প্ৰতিভা ৰায়, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থকা অনুষ্ঠানটিত আদৰণি ভাষণ দি কবি গৰাকীৰ কাব্য কীৰ্তিৰ মহত্ব উল্লেখ কৰাৰ পিছত ড৹ প্ৰতিভা ৰায়ে কাব্যঋষি গৰাকীৰ সৃষ্টি সম্পৰ্কে এইদৰে কয়, “এজন মানুহৰ মাজতে ইমানবোৰ প্ৰতিভা সঁচাকৈয়ে আশ্বৰ্যকৰ ৷

ভাৰতীয় কাব্যপ্ৰেমীয়ে কবি গৰাকীয়ে লিখা কবিতাৰ ৰসোস্বাদন কৰা উচিত ৷ নীলমণি ফুকনৰ কবিতাই সীমাৰ পৰিধি ভাঙিব পাৰিছে ৷ এই কামক অধিক গতিশিল কৰি তুলিবলৈ হ’লে,ভাৰতৰ সকলো ভাষালৈ অনুবাদ হ’ব লাগে নীলমণি ফুকনৰ কবিতা ৷

ৰাজ্য চৰকাৰক অনুৰোধ জনাইছোঁ এই কাম কৰিবলৈ ৷” ভাষণৰ পূৰ্বে ড৹ প্ৰতিভা ৰয়ে মহাপ্ৰভূ জগন্নাথৰ পৰা অনা প্ৰসাদ আৰু গামোচাৰে সম্ভাষণ জনালে কবি নীলমণি ফুকনক ৷

ঋষিতুল্য কবি গৰাকীৰ কবিতা সমূহ বিভিন্ন ভাষালৈ অনুবাদ কৰাৰ কথা অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াইও জানিবলৈ দিছে ৷

উল্লেখ্য যে, ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰা কবি নীলমণি ফুকন অসমৰ তৃতীয় গৰাকী অসমীয়া সাহিত্যিক ৷