Local, Vocal, Global

CM Vigilance raid on ASI Santosh Chowdhury house : প্ৰাক্তন ASI সন্তোষ চৌধুৰীৰ ঘৰত CM ভিজিলেন্সৰ অভিযান

নিউজ ডেস্ক, ১৮ এপ্ৰিল : ASI সন্তোষ চৌধুৰীৰ ঘৰত CM ভিজিলেন্সৰ অভিযান। আয়তকৈ অধিক সম্পত্তিৰ গোচৰত অভিযুক্ত প্ৰাক্তন ASI সন্তোস চৌধুৰীৰ ঘৰত CM ভিজিলেন্সৰ অভিযান । প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীৰ উত্তৰ গুৱাহাটীত থকা বাসগৃহত অভিযান চলাই CM ভিজিলেন্সে(CM Vigilance raid on ASI Santosh Chowdhury house)।

জানিব পৰা মতে, CM ভিজিলেন্সত 04/24 নম্বৰৰ গোচৰ ৰুজু কৰা হৈছিল আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে। ৫টা বেংক একাউণ্টত আঢ়ৈ কোটিৰো অধিক ধন আছে সন্তোষৰ বিৰুদ্ধে। কনিষ্টবলৰ পৰা ASIহৈ সন্তোষ চৌধুৰীয়ে নামে-বেনামে সম্পত্তি গঢ়াৰ তথ্য লাভ কৰিছে CM ভিজিলেন্সে। অসম এৰি পলায়ন কৰাৰ সন্দেহ আৰক্ষী বিষয়া সন্তোষ চৌধুৰীৰ। ২০২২ চনত অসম আৰক্ষীৰ পৰা বখাস্ত হৈছিল সন্তোস চৌধুৰী ৷ আয়তকৈ প্ৰায় ২০০ শতাংশ অধিক সম্পত্তিৰ তথ্য চিএম ভিজিলেঞ্চৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছিল।চৌধুৰীয়ে দুৰ্নীতি নিবাৰক শাখাত কৰ্তব্যৰত অৱস্থাত বহু বিষয়াক ব্লেকমেইলিং কৰি ধন সংগ্ৰহ কৰাৰ অভিযোগো উত্থাপন হৈছিল ৷

অসমৰ লগতে বিহাৰতো সম্পত্তিৰ তথ্য পাইছে চিএম ভিজিলেঞ্চে ৷ বিহাৰৰ বাসিন্দা সন্তোষ চৌধুৰীৰ বিশাল সম্পত্তি দেখি স্তম্ভিত হৈছে চিএম ভিজিলেন্স। গুৱাহাটী, উত্তৰ গুৱাহাটীত অবাধ সম্পত্তি আছে সন্তোষ চৌধুৰীৰ। ২০২৩ত আজাৰা থানাতো পলাতক ASI সন্তোষৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। ইতিমধ্যে উচ্চ ন্যায়ালয়ে নাকচ কৰিছে পলাতক আৰক্ষী বিষয়াগৰাকীৰ জামিন(CM Vigilance raid on ASI Santosh Chowdhury house)।

লগতে পঢ়ক : First phase of Lok Sabha elections to begin tomorrow : প্ৰথম পৰ্যায়ৰ কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ১০ টা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২০,৪৮,১৯৭ জন