পুনৰ কাশ্মীৰী পণ্ডিতৰ ওপৰত গুলিচালনা

নিউজ ডেস্ক,৫ এপ্ৰিলঃ পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে জম্মু-কাশ্মীৰত। সোমবাৰে জম্মু-কাশ্মীৰৰ ছোপিয়া জিলাত সন্ত্ৰাসবাদীয়ে কাশ্মীৰী পণ্ডিতক গুলিয়াই আহত কৰে।
শ্ব’পিয়ানৰ হাৰমেন এলেকাত ঔষধৰ দোকান চলাই জীৱন নিৰ্বাহ কৰা চনু কুমাৰ নামৰ এগৰাকী কাশ্মিৰী পণ্ডিতৰ ওপৰত সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰে গুলীচালনা কৰে।
দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথতে চনু কুমাৰলৈ লক্ষ্য কৰি কেইবাজাইয়ো গুলীচালনা কৰে তিনিজনীয়া সন্ত্ৰাসবাদীৰ দলটোৱে।
শৰীৰৰ কেইবা ঠাইতো গুলী লগা চনু কুমাৰক লগে লগে শ্ব’পিয়ান জিলা অসামৰিক চিকিৎসালয়ত অতি সংকটজনক অৱস্থাত ভৰ্তি কৰা হয়।
এই ঘটনাৰ পিছতে সেনা-আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰি তালাচী অভিযান চলাইছে যদিও বৰ্তমানলৈকে সন্ত্ৰাসবাদীৰ দলটোৰ কোনো সম্ভেদ লাভ কৰা নাই নিৰাপত্তাৰক্ষীয়ে।
উল্লেখ্য যে, কাশ্মিৰী পণ্ডিতৰ ওপৰত বিগত সময়ছোৱাত হোৱা নিৰ্যাতনৰ বিষয়ে সামৰি নিৰ্মান হোৱা ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ৰ ওপৰত বিতৰ্ক চলি থকাৰ সময়তে পুনৰ কাশ্মিৰী পণ্ডিতক হত্যাৰ চেষ্টা কৰা হয় জম্মু-কাশ্মীৰত।