Local, Vocal, Global

Firing in Assam Aruanchal border: অসম-অৰুণাচল সীমান্তত গুলীচালনা

ধেমাজি, ৫জুন’ : বিশ্ব পৰিৱেশ দিৱসৰ দিনাই অঘটন।পুনৰ কপি উঠিল অসম-অৰুণাচল প্ৰদেশৰ সীমান্ত। অসম-অৰুণাচল সীমান্তত উত্তেজনা। অসমীয়াৰ ওপৰত ধাৰাসাৰ গুলীচালনা অৰুণাচলী দুৰ্বৃত্তৰ।

আজি অৰ্থাৎ সোমবাৰে বিশ্ব পৰিৱেশৰ দিনা পুৱা গছপুলি ৰোপণ কৰি থকা সময়তে অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী জয়ৰামপুৰ পানবাৰীত অৰুণাচলী লোকে গুলীচালনা কৰে (Assam Aruanchal border firing)৷ দুৰ্বৃত্তৰ গুলীত গুলীবিদ্ধ হয় দুই অসমীয়া যুৱক। দুৰ্বৃত্তৰ কৱলত তিনি অসমীয়া। ঘটনাৰ পাছতে ৩ জনক লৈ যায় আক্ৰমণকাৰী দলটোৱে।

এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় তিনিজনক লোক । আহত পুষ্প গগৈ,মন্টু গগৈ আৰু অকণি বুঢ়াগোহাঁইক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মন্টু গগৈ নামৰ লোকজনৰ।

লগতে পঢ়: Mariani body recover : মৰিয়নীত চাঞ্চল্যকৰ ঘটনা