Local, Vocal, Global

firecracker explosion during Puri’s Jagannath festivities : আতচবাজীৰ বিস্ফোৰণ;নিহত তিনিজন ভক্ত,আহত প্ৰায় ৩০ গৰাকীকৈ ভক্ত

নেশ্যনেল ডেস্ক,৩০মে’ : আতচবাজীৰ বিস্ফোৰণ ৷ নিহত তিনিজন,আহত প্ৰায় ৩০ গৰাকীকৈ ভক্ত ৷

প্ৰাপ্ত তথ্য অনুসৰি,বুধবাৰে ওড়িশাৰ মন্দিৰ চহৰখনত অনুষ্ঠিত চন্দন যাত্ৰাৰ অংশ হিচাপে নৰেন্দ্ৰ পুখুৰীত জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰাৰ ‘চাপা খেলা’ ৰ সময়তে ফটকা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ৷ ফলত ভক্তসকলৰ ওপৰত ছিটিকি পৰে বিস্ফোৰণ জুই(firecracker explosion during Puri’s Jagannath festivities) ৷

প্ৰত্যক্ষদৰ্শীয়ে ঘটনা সন্দৰ্ভত জনোৱা অনুসৰি , মন্দিৰৰ সমীপৰ পুখুৰীৰ দেৱীঘাটৰ কাষত ফটকা ফুটোৱাৰ ব্যৱস্থা কৰা হৈছিল ৷ সেই সময়তে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো ।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে পুখুৰীটোত অনুষ্ঠিত ক্ৰীড়া উপভোগ কৰিবলৈ অহা ৰাইজৰ ওপৰত বিস্ফোৰিত ফটকা পৰে ফলত তেওঁলোক আঘাতপ্ৰাপ্ত হয় ৷ অৱশ্যে ততালিকে আঘাতপ্ৰাপ্ত ভক্তসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ললৈ প্ৰেৰণ কৰা হয় ৷

জানিব পৰা মতে, প্ৰথমে আঘাতপ্ৰাপ্ত লোকসকলক চিকিৎসালয়ৰ বহিৰ্বিভাগলৈ প্ৰেৰণ কৰা হয় যদিও ৷ পিছত তেওঁলোকক অস্ত্ৰোপচাৰ কক্ষলৈ স্থানান্তৰ কৰা হয় ৷ অৱশ্যে জুয়ে পোৰা ৰোগীৰ ক্ষেত্ৰত চিকিৎসালয়খনত পৰ্যাপ্ত সুবিধা নথকা বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে(Several injured in firecracker explosion during Puri’s Jagannath festivities) ৷

সম্প্ৰতি ১৮ গৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰোগীক কটকৰ এছ চি বি চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা সেৱা প্ৰদান কৰি থকা হয় ৷ পুৰীৰ জিলা আৰক্ষী অধীক্ষকে চিকিৎসালয়ত উপস্থিত হৈ ৰোগীসকলৰ অৱস্থাৰ বুজ লয় ৷

ইফালে মুখ্যমন্ত্ৰী নবীন পাটনায়কে ঘটনাটোত নিহত হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই শোক প্ৰকাশ কৰিছে । তেওঁ সামাজিক মাধ্যম এক্সৰ জৰিয়তে এই ঘটনাৰ শোকপ্ৰকাশ কৰি ৰাজ্যখনৰ মুখ্য সচিব আৰু জিলা প্ৰশাসনক আহতসকলৰ চিকিৎসাৰ ক্ষেত্ৰত সাম্ভাব্য সকলো প্ৰকাৰৰ ব্যয় বহন কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে ৷

উল্লেখ্য যে, আহতসকলৰ সকলো চিকিৎসা ব্যয় মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা বহন কৰা হ’ব । লগতে উক্ত লোকসকলৰ আশু আৰোগ্য কামনা কৰে ওড়িশাৰ মুখ্যমন্ত্ৰী পাটনায়কে ৷

লগতে পঢ়ক : Road Accident in Silapathar : তীব্ৰ বেগী মাৰুতি চুইফট্ বাহনখনে খুন্দিয়ালৈ পথচাৰীক