Local, Vocal, Global

আকাশ মাৰ্গত যাত্ৰীবাহী বিমানত জুই

নিউজ ডেস্ক, ১৯ জুন : পাটনা বিমানবন্দৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মাজ আকাশত যাত্ৰী কঢ়িওৱা বিমানত জুই লগাৰ ফলত পাটনা বিমানবন্দৰত বিমানখনৰ জৰুৰীকালীন অবতৰণ কৰে।

পাটনাৰ পৰা দিল্লীলৈ যাবলৈ ধৰা অবস্থাতেই ভয়ংকৰ ঘটনা । SpiceJet বিমানত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড। এই ঘটনাৰ শুনাৰ পাছত যাত্ৰীসকলৰ মাজত হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় ।

উল্লেখযোগ্য যে ১৮৫ জনকৈ যাত্ৰী থকা বিমানখন পাইলেটৰ তৎপৰতাত জৰুৰীকালীন অৱস্থাত অবতৰণ কৰা হয় ।

বাতৰি অনুসৰি, অৱতৰণৰ পিছত সকলো যাত্ৰীক সুৰক্ষিতভাৱে স্থানান্তৰ কৰা হৈছিল।

পাটনা জিলা দণ্ডাধীশ Chandrashekhar Singh এ সাংবাদিকক কয় যে “স্থানীয় লোকে বিমানখনত জুই লগা দেখি জিলা আৰু বিমানবন্দৰৰ বিষয়াসকলক অৱগত কৰাৰ পিছত দিল্লী অভিমুখী বিমানখন পাটনা বিমানবন্দৰলৈ উভতি আহিছিল। ১৮৫ জন যাত্ৰীক সুৰক্ষিতভাৱে বিমানত উৰোৱা হৈছিল। ইয়াৰ কাৰণ হৈছে এটা কাৰিকৰী বিজুতি, অভিযান্ত্ৰিক দলে অধিক বিশ্লেষণ কৰিছে,”।

পাটনা  Airport Director কয় যে, “পাটনাৰ পৰা দিল্লীলৈ যোৱা  SpiceJet flightত এটা ইঞ্জিনত জুই লগাৰ খবৰ পোৱা গৈছে। বিমানখন সুৰক্ষিতভাৱে অৱতৰণ কৰিছিল আৰু সকলো ১৮৩ জন যাত্ৰী আৰু দুটা কেঁচুৱা সুৰক্ষিতভাৱে বিমানত উঠিছিল।”

ইফালে, Directorate General of Civil Aviation (DGCA) জনাইছে যে বিমানখন “চৰাইৰ আঘাত”ৰ পিছত উভতি আহিছিল।