Local, Vocal, Global

মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ

নিউজ ডেক্স , ১৯ জুন : দেওবাৰে দুপৰীয়া মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ। এইবাৰ নলাত পৰি থকা অৱস্থাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ।

দেৱজীৎ শৰ্মা নামৰ যুবকজন নলাত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে। মহানগৰীৰ তৰুণ নগৰৰ পৰা উদ্ধাৰ যুবকজনৰ মৃতদেহ ।

আৰক্ষীৰ মতে নিশা পাৰ্টিত সুৰাপান কৰিছিল আৰু বৰষুণৰ ফলত নলা নৰ্দমা বুৰ যোৱাত নলাত পৰি মৃত্যু হয় দেৱজীৎ শৰ্মাৰ ।

উল্লেখযোগ্য যে Bajaj finance ৰ টাটা কেপিটেল্সত কৰ্মৰত আছিল দেৱজীৎ শৰ্মা। মৃত দেৱজীতৰ ঘৰ জাপোৰিগোগত বুলি জানিব পাৰা গৈছে ।

ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অভিযান চলাই আছে ।