Local, Vocal, Global

চাবুৱাত ভয়ংকৰ নাও দুৰ্ঘটনা

নিউজ ডেস্ক, ১৯ জুন : দেওবাৰে ৰাতিপুৱা অসমৰ চাবুৱাৰ ওচৰৰ ৰহমৰীয়াত মুষলধাৰ বৰষুণত জলমগ্ন Brahmaputraত শোকাবহ নাও দুৰ্ঘটনা।

বাতৰি অনুসৰি, ঘটনাটো সংঘটিত হোৱাৰ সময়ত ৯জন লোকক কঢ়িয়াই নিয়া নাওখন Mahmoraৰ পৰা Balijan অভিমুখে গৈ আছিল।

Overloadingৰ ফলত নাওখন ডুবি যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে যদিও , বৰ্তমান সময়লৈকে ইয়াৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই।

মুঠ ৯ জন ব্যক্তি থকা নাওখনৰ ৫জনে কোনোমতে সাতুৰি প্ৰাণ ৰক্ষা কৰে আৰু বৰ্তমান লৈকে ৪ জনকৈ লোক ভৰা লুইতৰ বুকুত সন্ধানহীন হৈ আছে ।

সন্ধানহীন লোকসকলক শংকৰ যাদৱ, ধামেন দাস, কিষাণ যাদৱ আৰু চুনকু কুৰ্মী বুলি চিনাক্ত কৰা হৈছে।