Local, Vocal, Global

Fire Breaks out in Moving Vehicle : ৰাজপথত দাউদাউকৈ জ্বলি উঠিল টাটা নেন’ বাহন

নিউজ ডেস্ক, ২৪ডিচেম্বৰ : চৰাইদেউ জিলাৰ সোণাৰিত অগ্নিকাণ্ড । শনিবাৰে মাজনিশা ৰাজপথতে দাউদাউকৈ জ্বলি উঠিল এখন টাটা নেন’ বাহন । চিকিৎসালয়ৰ পৰা উভতি আহি থকাৰ পথত জ্বলি উঠে বাহনখন । বাহনখনৰ চালকৰ কথমপি প্ৰাণৰক্ষা পৰে যদিও সম্পূৰ্ণৰূপে ভষ্মীভূত হয় বাহনখন(

Fire Breaks out in Moving Vehicle in Sonari) ।

জানিবপৰামতে, AS-03H-6079 নম্বৰৰ টাটা নেন’খনত চফ্ৰাই ৰঙাপথাৰৰ পৰা চিকিৎসাজনিত কাৰণত ৰজাপুখুৰীস্থিত জিলা অসামৰিক চিকিৎসালয়লৈ চালক শুভাশি মাহান্তিয়ে লৈ আহিছিল । পাছত চিকিৎসালয়ৰ পৰা বাসগৃহ অভিমুখে গৈ থকা অৱস্থাতে নিশা প্ৰায় বাৰ বজাত বানফেৰাৰ সমীপত যান্ত্ৰিক বিজুতিৰ বাবে দপদপকৈ জ্বলি উঠে বাহনখন(Fire Breaks out in Moving Vehicle) ।

অগ্নিকাণ্ডত কথমপি প্ৰাণৰক্ষা পৰে চালক শুভাশি মাহান্তিৰ । বাহনখনৰপৰা কোনো নথি-পত্ৰ উদ্ধাৰ কৰিব পৰা নগ’ল বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Fire Breaks out at Panchkula Residence : ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা; অগ্নিকাণ্ডৰ ফলত মৃত্যু দুবছৰীয়া শিশুৰ