Local, Vocal, Global

Fire Breaks out at Panchkula Residence : ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা; অগ্নিকাণ্ডৰ ফলত মৃত্যু দুবছৰীয়া শিশুৰ

নেশ্যনেল ডেস্ক, ২৪ডিচেম্বৰ : এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডত শ্বাসৰুদ্ধ হৈ মৃত্যু শিশুৰ(Fire Breaks out at Panchkula Residence) ।

হাৰিয়ানাত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনাটো । শনিবাৰে পঞ্চকুলাৰ দশম খণ্ডৰ এটা ঘৰত সংঘটিত হয় অগ্নিকাণ্ডটো ।

আৰক্ষীয়ে ঘটনা সম্পৰ্কে জনোৱা অনুসৰি, হাৰিয়ানা পঞ্চকুলাৰ দশম খণ্ডৰ এটা ঘৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় যাৰ ফলত ঘৰটোৰ ভিতৰত আৱদ্ধ হৈ থকা এটি শিশু জুই আৰু ধোঁৱাত আবদ্ধ হৈ শ্বাসৰুদ্ধ হৈ মৃত্যুমুখত পৰে।

লগতে আৰক্ষীয়ে জনাই যে, ১০ নং ছেক্টৰ বিল্ডিঙৰ দ্বিতীয় মহলাৰ চাকৰৰ কোঠাত অগ্নিকাণ্ড সংঘটিত হৈ দুবছৰীয়া শিশুটিৰ মৃত্যু হোৱাৰ বিপৰীতে শ্বাসৰুদ্ধ আৰু আতংকৰ ফলত মাতৃয়ে অচেতন হৈ পৰে ।

ঘটনাৰ সম্পৰ্কে তদন্তকাৰী বিষয়া বিজয় কুমাৰে এএনআইক জনোৱা মতে, তেওঁ এটা আৱাসিক ভৱনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ তথ্য লাভ কৰে। তেওঁ লগতে কয় যে প্ৰথম সঁহাৰিদাতাসকলৰ ভিতৰত থকা হেড কনিষ্টবল জছৱিন্দৰ সিঙে ঘৰত উপস্থিত হৈ অট্টালিকাৰ পৰা ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰে(Fire breaks out at Panchkula residence, minor girl dies from suffocation) ।

তদন্তকাৰী বিষয়াগৰাকীয়ে কয় যে অট্টালিকাৰ ভিতৰত অচেতন হৈ পৰি থকা দুবছৰীয়া শিশুটিত ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰা হয়।

লগতে পঢ়ক : Retired Senior Police Officer Shot Dead By Terrorists While Praying : আজান দি থকাৰ সময়তে গুলীয়াই হত্যা অৱসৰপ্ৰাপ্ত এছএছপিক