Local, Vocal, Global

Fire at Indian Consulate in San Francisco : ছান ফ্ৰান্সিস্কোত থকা ভাৰতীয় কনছুলেটত খালিস্তানী উগ্ৰপন্থীৰ অগ্নিসংযোগ

ইণ্টাৰনেশ্যনেল ডেস্ক, ৪ জুলাই : আমেৰিকাৰ ছান ফ্ৰান্সিস্কোত পুনৰ ভাৰতীয় দূতাবাসত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে (Fire at Indian Consulate in San Francisco)। গভীৰ নিশা দুষ্কৃতিকাৰীয়ে দূতাবাসত অগ্নিসংযোগ কৰে। দূতাবাসৰ ভৱনৰ এটা অংশত জুই লাগে । খালিস্তানী সমৰ্থকসকলে চান ফ্ৰান্সিস্কোৰ ভাৰতীয় দূতাবাসত শনিবাৰে জুই লগোৱাৰ চেষ্টা কৰে। ৩০ জুনত, শিখছ ফৰ জাষ্টিছ (এছএফজে)ৰ মুৰব্বী গুৰপতৱন্ত সিং পান্নুৱে কৈছিল যে ৮ জুলাইৰ পৰা ভাৰতীয় দূতাবাস ঘেৰাও কৰা হ’ব। ঘটনাটো ঘোষণাৰ পিছদিনাই অৰ্থাৎ ১ জুলাইৰ নিশা উক্ত ঘটনাটো সংঘটিত হৈছিল।

ছান ফ্ৰান্সিস্কোত থকা ভাৰতীয় দূতাবাসত পাঁচ মাহৰ ভিতৰত এইটো দ্বিতীয়টো আক্ৰমণৰ ঘটনা । ঘটনাটো শনিবাৰে সংঘটিত হৈছিল, কিন্তু আমেৰিকা চৰকাৰৰ মুখপাত্ৰ মেথিউ মিলাৰে মঙলবাৰেহে অৱগত কৰে । ফেডাৰেল ব্যুৰো অফ ইনভেষ্টিগেচন (FBI)য়ে বৰ্তমান গোচৰটোৰ তদন্ত কৰি আছে আৰু ঘটনাটোত পিছে দূতাবাসৰ কোনো ধৰণৰ ক্ষতিগ্ৰস্ত হোৱা নাই বুলি অৱগত কৰে(Khalistan Tiger Force )।

আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ মেথিউ মিলাৰে এই কথা নিশ্চিত কৰিছে । তেওঁ লগতে কয় যে আমেৰিকাই যিকোনো ধৰণৰ হিংসা আৰু ধ্বংসাত্মক কাৰ্যকলাপৰ তীব্ৰ বিৰোধিতা কৰে। বিশেষকৈ বিদেশী প্ৰতিনিধিৰ ওপৰত আক্ৰমণ আমেৰিকাত শাস্তিযোগ্য অপৰাধ।

যোৱা মাৰ্চ মাহতো ছান ফ্ৰান্সিস্কোত থকা এই ভাৰতীয় দূতাবাসত আক্ৰমণ কৰা হৈছিল । সেই সময়ত খালিস্তানী নেতা অমৃতপল সিং ভাৰতত পলাতক আছিল। পঞ্জাৱ আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ দেশজুৰি নিশ্চিদ্ৰ তালাচী চলাইছিল।

সেই সময় ছান ফ্ৰান্সিস্কোৰ খালিস্তানী সমৰ্থকে আৰক্ষীৰ অভিযানৰ বিৰোধিতা কৰি দূতাবাসটোত আক্ৰমণ চলাই দূতাবাস ভাঙি লণ্ডভণ্ড কৰিছিল। আনকি দূতাবাসৰ ভিতৰতে খালিস্তানী বেনাৰো এৰি থৈ গৈছিল। তাত লগতে আছিল অমৃতপালৰ মুক্তিৰ দাবী জনোৱা পোষ্টাৰো।

উল্লেখ্য যে, এইটো যোৱা পাঁচ মাহৰ ভিতৰত দ্বিতীয়টো ঘটনা । ইয়াৰ আগতে মাৰ্চ মাহত খালিস্তান পন্থী সমৰ্থকসকলে অমৃতপালৰ মুক্তিৰ দাবীত একেটা দূতাবাস ঘেৰাও কৰিছিল।

ঘটনাটোৰ সৈতে জড়িত এক ভিডিঅ’ মুকলি কৰি খালিস্তানী সমৰ্থকে কয় যে, যোৱা মাহত কানাডাত হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ প্ৰতিশোধ হিচাপে এইটো ঘটনা সংঘটি কৰে। খালিস্তানৰ সমৰ্থকসকলে কয় যে হিংসাৰ উৎপত্তি হিংসাৰ পৰা হৈছে।

উল্লেখ্য যে, যোৱা মাহত কানাডাৰ চাৰেৰ গুৰু নানক গুৰুদ্বাৰাৰ বাহিৰৰ পাৰ্কিং লটত দুজন অচিনাক্ত মটৰচাইকেল চালকে নিজ্জাৰক গুলীয়াই হত্যা কৰিছিল।

লগতে পঢ়ক : Another terrible accident in Maharashtra : মহাৰাষ্ট্ৰৰ ধূলেত সংঘটিত পথ দুৰ্ঘটনাত ৯ গৰাকী লোক নিহত , আহত ২৭ গৰাকী