Local, Vocal, Global

Assam Athletics Associationৰ হিমা দাস আৰু অম্লান বৰগোহাঁইলৈ আৰ্থিক সাহায্য

নিউজ ডেস্ক, ১৮ জুন : শনিবাৰে অসমৰ ক্ৰীড়া প্ৰাধিকৰণৰ ( Sports Authority of Assam) উপ-সভাপতি তথা অসম অলিম্পিক সন্থাৰ (Assam Olympic Association) সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে স্প্ৰিণ্টাৰ হিমা দাস আৰু অম্লান বৰগোহাঁইক আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।

Assam Athletics Associationএ (AAA) জনায় যে হিমা দাসক ১ লাখ টকা আৰু অম্লান বৰগোহাঁইক ৫০ লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰিব। দুয়োগৰাকী খেলুৱৈৰ সফলাতৰ বাবে অসম এথলেটিকছ সন্থাই আগবঢ়ায় এই আৰ্থিক সাহায্য।

১৪ জুনত চেন্নাইত সমাপ্ত হোৱা ৬১ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ আন্তঃৰাজ্যিক এথলেটিকছ চেম্পিয়নশ্বিপত মহিলাৰ ২০০ মিটাৰ দৌৰত হিমাই ৰূপৰ পদক লাভ কৰে। আনহাতে, পুৰুষৰ ২০০ মিটাৰ প্ৰতিযোগিতাত অম্লান বৰগোহাঁইয়ে সোণৰ পদক অৰ্জন কৰে।

উল্লেখ কৰিব পাৰি যে কমনৱেলথ গেমছত ৪×১০০ মিটাৰ ৰিলেত হিমা দাসে ভাৰতক প্ৰতিনিধিত্ব কৰিব।