Local, Vocal, Global

সাংস্কৃতিক মন্ত্রী বিমল বৰাৰ সংবাদমেল

নিউজ ডেস্ক, ১৮ জুন : শনিবাৰে সাংস্কৃতিক মন্ত্রী বিমল বৰাই এক সংবাদমেল যোগে “বিষ্ণু ৰাভা দিৱস, ২০২২ আৰু ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্য্যায়ৰ বঁটা প্ৰদান অনুষ্ঠান”ত বহু কেইটা বঁটাৰ বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰে।

অহা ২০ জুনত ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত আয়োজিত হ’বলগীয়া অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াই অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক প্ৰদান কৰিব বঁটাসমূহ ।

  • ‘বিষ্ণু ৰাভা বঁটা’ – নৃত্য-পটিয়সী শাৰদী শইকীয়া আৰু চিত্রশিল্পী চন্দ্রকমল গগৈ
  • ‘কালীচৰণ ব্রহ্ম ৰাষ্ট্রীয় বঁটা ’- নাগালেণ্ডৰ লোক-সংস্কৃতিৰ গৱেষক ড০ অনুংলা আয়াৰ
  • ‘কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্রীয় বঁটা’ – গৱেষক-পণ্ডিত ড০ নৰেন কলিতা
  • ‘আজান পীৰ ৰাষ্ট্রীয় বঁটা’ – লোকতত্ত্ববিদ ড০ অমলেন্দু ভট্টাচাৰ্য
  • ‘পাৰ্ৱতিপ্রসাদ বৰুৱা বঁটা’ – বিশিষ্ট অভিনেত্রী মৃদুলা বৰুৱা
  • ‘অমলপ্রভা দাস বঁটা’ – লেখিকা ইলা বৰগোহাঁই
  • ‘চন্দ্রপ্রভা শইকীয়ানী বঁটা’ – লীলাৱতী কুশ্রে
  • ‘মামণি ৰয়ছম গোস্বামী বঁটা’ – ঔপন্যাসিক ফণীন্দ্র কুমাৰ দেৱ চৌধুৰী
  • ‘চৈয়দ আব্দুল মালিক বঁটা’ – সাহিত্যিক ছবিলাল উপাধ্যায়
  • ‘আহমদ আলী বাঁশকান্দি বঁটা’ – অনাতাঁৰ শিল্পী-ঘোষক চৈয়দ ছাদুল্লা
  • ‘গণেশ গগৈ বঁটা’ – কবি বংশী বৰা
  • ‘স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা’ – সমাজ সেৱক হেমন্ত গোহাঁই
  • ‘শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা’ -নৃত্য-শিল্পী ননী বৰুৱা