Local, Vocal, Global

কাবুলত ভয়ংকৰ বিস্ফোৰণ

নিউজ ডেস্ক, ১৮ জুন : শনিবাৰে পুৱাই আফগানিস্তানৰ ৰাজধানী চহৰ কাবুলত থকা এটা গুৰুদ্বাৰত এটা সন্ত্ৰসাবাদী গোটে দুটাকৈ বিস্ফোৰণ সংঘটিত কৰাৰ উপৰিও গুলী চালনা কৰে।

সন্ত্রাসবাদীৰ ভয়ানক বিস্ফোৰণত গুৰুদ্বাৰৰ মুচলমান গাৰ্ড নিহত হৈছে। এই পৰ্যন্ত গুৰুদ্বাৰৰ ভিতৰত সন্ত্ৰাসবাদী আছে বুলি তথ্য পোৱা গৈছে ।

বিস্ফোৰণৰ পিছতে গুৰুদ্বাৰৰ ভিতৰত ভয়ানক অগ্নি কাণ্ড সংঘটিত হয়। বিস্ফোৰণ ফলত ৪- ৫ জন লোক বৰ্তমানেও সন্ধানহীন হৈ আছে। এই বিস্ফোৰণত ISIS ৰ সন্ত্রাসবাদী জৰিত থকাৰ অভিযোগ।