Local, Vocal, Global

অৱশেষত উদ্ধাৰ হ’ল প্ৰাঞ্জল মৰাণৰ মৃতদেহ,লিডুৰ অবৈধ কয়লা খনিত উদ্ধাৰ হ’ল নিৰুদ্দিষ্ট প্ৰাঞ্জল মৰান মৃতদেহ।

ডিজিটেল ডেস্ক:- উদ্ধাৰ হ’ল প্ৰাঞ্জল মৰাণৰ মৃতদেহ।লিডুৰ অবৈধ কয়লা খনিত উদ্ধাৰ হ’ল নিৰুদ্দিষ্ট প্ৰাঞ্জল মৰান মৃতদেহ। নিৰুদ্দেশ হোৱা স্থানতেই উদ্ধাৰ হৈছে প্ৰাঞ্জল মৰানৰ মৃতদেহ।
পত্নীৰ কাতৰ আহ্বানৰ পাছতেই নিৰুদ্দিষ্ট প্ৰাঞ্জল মৰানক বিচাৰি অভিযান আৰম্ভ কৰিছিল আৰক্ষীয়ে। তাৰপাছতেই মৃতদেহ উদ্ধাৰ হোৱা বুলি শুকুৰবাৰে পত্নী উৰ্বশী মৰাণক জনালে IGP জিৎমল দলেয়ে।লিডুৰ মৃতদেহ উদ্ধাৰৰ স্থলীলৈ পৰিয়ালৰ লোক আহিব পাৰিব বুলি অৱগত কৰাৰ লগতে সন্ধিয়ালৈ মৃতদেহটো পৰিয়ালৰক গতাব পৰা যাব বুলি ফোনযোগে নিশ্চিত প্ৰদান কৰিছে জিৎমল দলেয়ে।
৬ জানুৱাৰীত কাম কৰিবলৈ ওলাই গৈছিল প্ৰাঞ্জল মৰান।তাৰ পাছৰেৰ পৰা সন্ধানহীন হৈ আছে প্ৰাঞ্জল মৰান।নিৰুদ্দেশ হোৱা প্ৰাঞ্জল মৰানক বিচাৰিবৰ বাবে প্ৰশাসনেও লোৱা নাছিল কোনো ব্যৱস্থা। তেতিয়াই পত্নীৰ আহ্বান মৰ্মে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে বিষয়টো সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছিল।

১ ফেব্ৰুৱাৰীত লিডুৰ কয়লাখনিত দুজন লোকৰ মৃত্যু হোৱাৰ বাতৰি প্ৰকাশ হৈছিল।২ ফেব্ৰুৱাৰীত কয়লাখনিৰ মানুহ প্ৰাঞ্জল মৰানৰ পত্নীক পাঁচ লাখ টকা দিব বিচাৰিছিল কিন্তু পত্নী উৰ্বশী মৰাণে লোৱা নাছিল আৰু বৰং স্বামীক উলিয়াই দিবলৈ আহ্বান জনাইছিল।

অৱশেষত উদ্ধাৰ হ’ল প্ৰাঞ্জল মৰাণৰ মৃতদেহ। লিডুৰ কয়লাখনিত উদ্ধাৰ ৬ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ থকা প্ৰাঞ্জলৰ মৃতদেহটো। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশ মৰ্মে চলা তীব্ৰতৰ অভিযানৰ পাছতে কয়লাখনিৰ সুৰংগৰ মাজত পুতি থোৱা অৱস্থাত প্ৰাঞ্জলৰ মৃতদেহ উদ্ধাৰ হল।