Local, Vocal, Global

শোকাৱহ পথ দুৰ্ঘটনা,প্ৰাণ গ’ল পিতৃ আৰু তিনি সন্তানৰ…

ডিজিটেল ডেস্ক:- ৰাজস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাজস্থানৰ আলৱাৰত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো।বৃহস্পতিবাৰে নিশা টেম্পো আৰু ট্ৰেক্টৰৰ মাজত মুখামুখি সংঘৰ্ষ হয়।এই সংঘৰ্ষত প্ৰাণ গল এটা পৰিয়ালৰ ৪ জনকৈ লোকৰ।শোকাৱহ দুৰ্ঘটনাটোৱে প্ৰাণ ল’লে পিতৃ আৰু ৩ সন্তানক আৰু গুৰুতৰভাৱে আহত হয় পত্নী।জানিব পৰা মতে,টেম্পো চালকজনে তেওঁৰ পৰিয়ালৰ সৈতে ঘৰলৈ গৈ থকাৰ অৱস্থাতেই ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।উল্লেখ্য যে ঘটনাটোৰ পাছত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ বিৰাজ কৰে। স্থানীয় লোকসকলে ট্ৰেক্টৰখন জ্বলাই দিয়ে আৰু আৰক্ষীৰ বাহনলৈও শিলগুটি নিক্ষেপ কৰে। ঘটনাস্থলী ইমানেই উত্তপ্ত পৰিস্থিৰিৰ সৃষ্টি হয় যে আৰক্ষীয়ে নিশা মৃতদেহ লৈ যাব নোৱাৰে।
আৰক্ষীয়ে জনোৱা অনুসৰি পথ দুৰ্ঘটনাত মুৰাৰী ৰাও(৪০) আৰু তেওঁৰ দুই পুত্ৰ আৰু কন্যা সন্তানৰ মৃত্যু হয়। লগতে গুৰুতৰ ভাৱে আহত হোৱা মুৰাৰীৰ পত্নী এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।