Local, Vocal, Global

APSC ৰ কেলেংকাৰী সন্দৰ্ভত বিস্ফোৰক অভিযোগ Fight Against Investigation of APSC ৰ

নিউজ ডেক্স,২৫ জুলাই : ২০১৩ চনৰ APSC কেলেংকাৰীক লৈ আকৌ ন্যায়িক যুঁজ। APSC কেলেংকাৰীৰ তদন্তৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ স্থিতি দুৰ্ভাগ্যজনক।

Fight Against Investigation of APSC য়ে কৰিছে বিস্ফোৰক অভিযোগ।সংগঠনটোৰ অভিযোগ- ‘অসম লোকসেৱা আয়োগৰ দুৰ্নীতি কেৱল JOB SCAM নহয়’।

২০১৩ৰ তদন্তৰ প্ৰতিবেদন ২ এপ্ৰিলত প্ৰদান কৰা হৈছে, সেই প্ৰতিবেদনক লৈ অসম চৰকাৰৰ সদিচ্চাৰ অভাৱ।

Fight Against Investigation of APSC ৰ মানস প্ৰতিম বৰুৱাৰ মন্তব্য ৰাজ্য চৰকাৰে গঠন কৰি দিয়া মুখ্য সচিবৰ তদন্ত কমিটীয়ে দিয়া নাই প্ৰতিবেদন।প্ৰতিবেদন দাখিল কৰা দূৰৰে কথা এখন ৰাজহুৱা জাননীও প্ৰকাশ কৰিবলৈ সমৰ্থ নহ’ল মুখ্য সচিবৰ কমিটীয়ে।

তেওঁ কয়, বৰ্তমানেও বক্র পথেৰে চাকৰি লোৱা ৩৪ বিষয়াই কৰি আছে চাকৰি।প্ৰতিবেদন দাখিলৰ পিছতো প্ৰতিবেদনত নাম থকা ১১ গৰাকী APS বিষয়াক টাইম স্কেলৰে পুৰস্কৃত কৰা হয়।

ইয়াৰ উপৰিও সংগঠনটোৰ দাবী- APSCৰ তদন্তক লৈ কোনো স্থিতি গ্রহণ কৰা নাই মুখ্যমন্ত্রীয়ে। নতুন চৰকাৰৰ ডেৰ বছৰ অতিক্ৰম হোৱাৰ পিছতো এগৰাকী ন্যায়াধীশৰ তদন্তকো সন্মান নিদিলে বিজেপি চৰকাৰে।