Local, Vocal, Global

হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ

নিউজ ডেস্ক, ২৫ জুলাই : ডাৱৰ বিস্ফোৰণৰ ফলত মানালীকে ধৰি হিমাচল প্ৰদেশৰ কিছু অংশত আকস্মিক বানপানীৰ সৃষ্টি হৈছে।

সোমবাৰে ৰাতিপুৱা পৰ্বতমালাৰ বিচ্ছিন্ন অঞ্চলবোৰত ধাৰাসাৰ বৰষুণৰ পিছত নলাবোৰত পানীৰ পৰিমাণ বৃদ্ধি হৈছিল। ডাৱৰ বিস্ফোৰণৰ ফলত বিয়াছ নদীত পানীৰ স্তৰবৃদ্ধি হৈছে। কৰ্তৃপক্ষই জনসাধাৰণক বিয়াছ নদীৰ পৰা আঁতৰি থাকিবলৈ কৈছে।

প্ৰতিবেদন অনুসৰি, ডাৱৰ বিস্ফোৰণৰ ফলত কোনো প্ৰাণ হানি হোৱাৰ খবৰ পোৱা নাই তথাপিও প্ৰশাসনে এক সতৰ্কবাণী জাৰি কৰিছে।

১১ জুলাইত হোৱা আকস্মিক বানপানীত গাওঁখনৰ দলংখন ক্ষতিগ্ৰস্ত হৈছিল। যাৰ ফলত গাওঁবাসীয়ে মূল ৰাস্তালৈ যাবলৈ এখন অস্থায়ী কাঠৰ দলং নিৰ্মাণ কৰিছিল। আৰু সম্প্ৰতি আকস্মিক বানপানীত চোলাং গাওঁক সংযোগ কৰা এখন সৰু কাঠৰ দলং উটি গৈছে, যাৰ ফলত গাওঁবাসী আৱদ্ধ হৈ পৰিছে।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই লগতে কয় যে যদিও এতিয়া পানীৰ স্তৰ হ্ৰাস পাইছে, নদী আৰু নলাৰ ওচৰত বাস কৰা লোকসকলে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু কোনো সতৰ্কতা অবিহনে যিকোনো সময়তে পানীৰ স্তৰ বৃদ্ধি পাব পাৰে।