Local, Vocal, Global

ৰৌতাত ভয়ংকৰ পথ দুৰ্ঘটনা

নিউজ ডেস্ক, ১১ জুন : ওদালগুৰি (Udalguri) জিলাৰ Rowtaত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।

ৰৌতাৰ ভালুকমাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী TATA DI গাড়ীয়ে পিছফালৰ পৰা খুন্দিওৱাৰ ফলত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনাটো।

ৰৌতা দিশৰ পৰা ওৰাং (Orang) অভিমুখে গৈ থকা AS-27B-0124 নম্বৰৰ মটৰচাইকেলত একে দিশে গৈ থকা টাটা ডিআই অথবা বলে’ৰ পিকআপ ভেন এখনে পিছপিনৰ পৰা তীব্ৰবেগে খুন্দা মাৰি গাড়ীখন ঘটনাস্থলিৰ পৰা পলায়ন কৰে।

পিছত আৰক্ষী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত মূৰ আৰু ভৰিত গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক ১০৮ মৃত্যুঞ্জয়ৰ সহায়ত ৰৌতা মডেল হাস্পতাললৈ প্ৰেৰণ কৰে। আহত বাইক আৰোহীজন ওৰাঙৰ ৰৌমাৰীৰ দেৱা বসুমতাৰী(৩২) বুলি জানিব পৰা গৈছে।

সম্প্ৰতি গুৰুতৰভাৱে আহত বাইক আৰোহীজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ (GMCH) প্ৰেৰণ কৰিছে।