Local, Vocal, Global

পুনৰ কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা

নিউজ ডেক্স ,২৮ জুন : কলিয়াবৰৰ কাঞ্চন জুৰিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় এখন বিলাসী বাহন। যাৰ ফলস্বৰুপে থিতাতে নিহত হয় ৪ জনকৈ লোকৰ ।

গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী আছিল বাহনখন । নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলতেই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা ।

নিহত হোৱা দুজন লোকৰ ঘৰ যোৰহাটৰ মালৌআলিত আৰু আন এজন নিহত লোকৰ ঘৰ মাজুলীত ।

দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS03 AE8003 আৰু বাহনখনত থকা ৫ জন লোকৰ ইতিমধ্যেই ৪ জনকৈ লোকে মৃত্যুক আঁকোৱালি লয় আৰু এজনৰ অৱস্থা অতি সংকটজনক।

উল্লেখযোগ্য যে বাহনখনৰ পৰা উলাব নোৱাৰাত মৃত্যুক সাৱতি লব লগীয়া হয় ৪জনকৈ লোকে । পৰৱৰ্তীসময়ত ঘটনা স্থলিত স্থানীয় আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ।