Local, Vocal, Global

মহানগৰ আৰক্ষীৰ অভিযানত জব্দ নকল নোট সহ বহু এটিএম কাৰ্ড

নিউজ ডেক্স, 28 জুন : নিশা মহানগৰীৰ সাতগাওঁত হাতীগাও আৰক্ষীৰ অভিযান। অভিযানত ATM card , নকল নোট, Press Card , Baleno বাহন সহ গ্ৰেপ্তাৰ লক্ষ্মীপুৰৰ হাফিজুল ইছলাম।

হাতীগাও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দুৱৰাৰ নেতৃত্বত চলা অভিযানত জব্দ ভিন্ন জনৰ নামত থকা ATM Card ৰ লগতে ১৫ হাজাৰ টকাৰ জালি নোট। নকল নোট বনোৱা পেপাৰ, মোবাইল ফোনৰ লগতে বহু ভূৱা নথিপত্ৰও জব্দ কৰে।

এটা পৰ্টেল চেনেলৰ ভুৱা প্ৰেছ কাৰ্ড লৈ আৰক্ষীৰ পৰা হাতসাৰিবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয় হাফিজুল ইছলাম। ATM ত প্ৰবেশ কৰি ভিন্ন লোকৰ পৰা সলাই লৈছিল ATM কাৰ্ড আৰু সেই কাৰ্ডেৰে উলিয়াইছিল ধন।

হাতীগাও আৰক্ষীয়ে খবৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে প্ৰবঞ্চক হাফিজুলক। ধৃত হাফিজুলৰ পৰা জব্দ কৰে AS12Y4716 নম্বৰৰ এখন বেলেনো বাহন। দিছপুৰত ভাৰাঘৰত বাহৰ পাতি চলাই গৈছিল নকল নোট, এটিএম কাৰ্ড সলনি কৰি ধন লুটৰ ঘটনা। আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰু অধিক লোক জৰিত থকাৰ সন্দেহ আৰক্ষীৰ।